চৰকাৰী বিদ্যালয়ৰ গুণগত শিক্ষাৰ নামত ভেকুভাওনা।১৩০ শিক্ষাৰ্থীৰ বিপৰীতে দুজন শিক্ষকেৰে চলিছে পাঠদান ।
ঢকুৱাখনা সমষ্টিৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাৰি চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীসকল বঞ্চিত হৈছে গুণগত শিক্ষাৰ পৰা। উল্লেখ্য যে- মুঠ ১৩১ গৰাকী শিক্ষাৰ্থী থকা বিদ্যালয়খনৰ ৬ টা শ্ৰেণীত দৈনিক ৬ টাকৈ বিষয়ৰ মুঠ-৩৬ টা ক্লাছ কৰিব লাগে দুজন শিক্ষকে।স্কুলৰ চালৰ টিনপাতত ফুটা উলোৱাত বৰষুণ দিলেই পানী পৰে শ্ৰেণীকক্ষত। প্ৰধান শিক্ষকজন বিভিন্ন বিভাগীয় কামত অফিচলৈ যোৱাৰ দিনা এজন শিক্ষকেই চম্ভালিব লাগে ৬ টা শ্ৰেণীৰ ১৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক। মুঠতে শিক্ষাৰ্থী অনুপাতে শিক্ষক নথকাত এক বিশৃংখল পৰিৱেশৰ মাজেৰে পাঠদান চলি আছে বিদ্যালয়খনত। ফলত গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে সোণাৰি চাপৰি নগৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ১৪ খনকৈ পিছপৰা গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকল।
সেইয়ে"মিচিং লুটাদৰ"ৰ জড়িয়তে শিক্ষা মন্ত্ৰীলৈ শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক সকলোৰে আহ্বান বিদ্যালয়খনত শীঘ্ৰেই আৰু দুজন শিক্ষক দিয়াৰ ব্যৱস্থা কৰক