সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ ONGCৰ অসম সম্পদৰ সামগ্ৰী বিতৰণ অনুষ্ঠানত
শিৱসাগৰ জিলাৰ অ এন জি চিৰ তৰফৰ পৰা নৱজ্যোতি মিলনকুৰ প্ৰাথমিক বিদ্যালয় আৰু শামুকজান নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী একোখন কৈ বেগ,খোৱা পানী নিবৰ বাবে প্লাগ, আৰু পাঁচখন কৈ ডেগ-বেন্স ইংৰাজী 09/06/2019 তাৰিখ দেওবাৰে সামগ্ৰী বিতৰণ কৰা দেখা পোৱা যায়।সেই কাৰ্যসূচীত উপস্হিত থাকে শিৱসাগৰ জিলাৰ অ এন জি চি সৰ্বভাৰতীয় সন্মানীয় সভাপতি তথা অসম সম্পদৰ অধ্যক্ষ শ্ৰীপোনাৰাম মিলি , অ এন জি চিৰ উপাধ্যক্ষ শ্ৰী ডেম্বিৰাম পাংগীং অ এন জি চিৰ উপাধ্যক্ষ,শ্ৰীৰাজীৱচন্দ্ৰ দেউৰী কেন্দ্ৰীয় সমিতিৰ সদস্য ONGC ,শ্ৰীদিপু দাস কেন্দ্ৰীয় সমিতিৰ সদস্য ONGC,শ্ৰীমনোজ কুমাৰ বৰা হিচাপ পৰীক্ষক ONGC,শ্ৰী চন্দন দাস কাৰ্যকৰী সদস্য ONGC,শ্ৰীমণিৰাম কছাৰী কাৰ্যকৰী সদস্যয় অংশগ্ৰহণ কৰে।লগতে নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ হাতে লিখা আলোচনী( অত্চূৰ )নামৰ আলোচনীখন উদ্মোচন কৰে সৰ্বভাৰতীয় সন্মানীয় সভাপতি তথা অসম সম্পদৰ অধ্যক্ষ শ্ৰীপোনাৰাম মিলি দেৱে। এই সামগ্ৰী বিতৰণ অনুষ্ঠানী সভাখনত সভাপতি আসনত নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ স্কুল পৰিচালনা সমিতিৰ সভাপতি শ্ৰীবিদ্যাধৰ দলে , সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ONGCৰ উপাধ্যক্ষ শ্ৰীডেম্বিৰাম পাংগীং দেৱে।এই সামগ্ৰী বিতৰণ অনুষ্ঠানত অভিৱাবক/অভিৱাবিকা ,স্কুল পৰিচালনা সমিতি ,মাতৃ গোট, তথা মিচিং জাতীয় সংগঠনৰ অংশগ্ৰহণ কৰা দেখা পোৱা গ'ল।