সোৱণশিৰিৰ খহনীয়াই টোপনি হৰিছে টাকুগাঁও, গেৰেকীবাসীৰ/খহনীয়া ৰোধৰ কোনো ব্যৱস্থা নাই জলসম্পদ, এম,এ,চি'ৰ।
ঢকুৱাখনা সমষ্টিৰ বগীনদী উন্নয়নখণ্ডৰ অন্তৰ্গত টাকুগাঁও,১ নং গেৰেকী,২ নং গেৰেকী হাতীয়েমৰা ইত্যাদি শ শ পৰিয়ালৰ টোপনি হৰিছে এতিয়া সোৱণশিৰিৰ খহনীয়াই। ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰি চলিত বাৰিষাত এই গাঁওকেইখনৰ কুৰিটাৰো অধিক পৰিয়ালে২/৩ বাৰকৈ ঘৰৰ স্থানসলনি কৰিব লগা হৈছে যদিও চৰকাৰে অঞ্চলটোৰ খহনীয়া ৰোধৰ বাবে বিজ্ঞানসন্মত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
সোৱণশিৰিৰ খহনীয়াত দৈনিক বিঘাই বিঘাই খেতিৰ মাটি,ঘৰ-বাৰী,স্কুলঘৰ,গাইড বান্ধ জাহ গৈছে যদিও ৰাইজৰ সমস্যাৰ বুজ লবলৈও আহৰি নাই স্থানীয় বিধায়ক নৱ দলেৰ।