লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম তেলাহীত নীপকোৱে পানী এৰাৰ ফলত ৰঙানদীৰ পশ্চিম অঞ্চল এইবাৰ বানত বাৰুকৈয়ে জুৰুলা হৈছে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পহুমৰা দলঙৰ পৰা বাওফালে অৱস্থান কৰা বামুনদলনী,নভগনীয়া, পোতাবিল শান্তিপুৰ, পূৱ খুন্দু মিৰিগাও, পূৱ খাৰকাটি, যোৰখাট ডাম্বোকীয়াল, আমতলা মাজৰ চাপৰি, নাহৰবাৰী ভেকেলি, আলহীখোৱা, আমতলা কঠালপুখুৰী, পমুৱা খাৱলী নামেচুক আৰু পকনীয়া গাও উক্ত বানত প্লাৱিত হৈছে। উল্লেখ থাকে যে বাতৰি যুগুত কৰা সময়লৈকে বন্যাৰ্তৰ খবৰ লৱলৈ জিলা প্ৰশাসনৰফাল পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ৰঙানদীৰ এনে বাঢ়নি পানীৰ ফলত জনসাধাৰণৰ যাতায়ত ব্যৱস্থা আৰু খেতিবাতি অধিককৈ নষ্ট হৈছে। এই ক্ষেত্ৰত অঞ্চলৰ পৰা নিৰ্বাচিত কোনো প্ৰতিনিধিত্ব কৰা কোনো ব্যক্তিও এই পৰ্যন্ত বা বাতৰি লোৱা হোৱা নাই স্থানীয় বান পীড়িত লোকৰ পৰা জানিব পাৰিছো। জিলা প্ৰশাসনক অতি সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিলো।