ডিমৌৰ মিলনকুৰত কান্ধত তুলি চিকিৎসালয়লৈ নিলে ৰোগাক্ৰান্ত মহিলা শ্ৰীমতী লাভন্য দলেক।
যি সময়ত ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই যাতায়তৰ ক্ষেত্ৰত আমূল পৰিবৰ্তনৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ বানেধোৱা মিলনকুৰত দূৰ্বল যাতায়তৰ বাবে ৰোগীক কান্ধত তুলি নিবলগীয়া হোৱা ঘটনাই পৰিৱৰ্তনকামী বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ উন্নয়নৰ ফোপোলা স্বৰুপ দাঙি ধৰিছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নৈপৰীয়া উজনি মিলনকুৰ আৰু নামনি মিলনকুৰ সংযোগী গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰা কালভাৰ্টটো উটুৱাই নিয়াৰ ফলত ৰাইজে যাতায়তৰ ক্ষেত্ৰত জ্বলাকুলা খাবলগীয়া হৈছে। লগতে মিচিং জনগোষ্ঠীৰ বহুলোকৰ বাসগৃহ,খেতিপথাৰ আৰু পশুধনৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পাছতো বানত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব পুৰ্ণ ভুমিকা গ্ৰহণ কৰা নাই।কৃষি ক্ষেত্ৰত ৩৩ শতাংশ নষ্ট হ'লে ৬,৮০০ টকা ,এটা ছাগলী/গাহৰি মৃত্যুৰ বাবত ৩ হাজাৰ টকা,, গৰু/ম'হৰ মৃত্যুৰ বাবত ৩০ হাজাৰ টকা ঘোষিত কোনো আঁচনিয়ে পানীদিহিং মৌজাৰ বন্যাৰ্তৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নাই। বৰ্তমান ব্ৰহ্মপুত্ৰ পানী শুকুৱাৰ পাছত চৰকাৰে বানপানীৰ পাছৰ প্ৰতিকাৰ মুলক বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে বন্যাৰ্তৰ সকলে।ৰাইজে অভিযোগ কৰা অনুসৰি গড়কাপ্তানী বিভাগে তৎকালীনভাৱে ৩০০০০টকাৰে ৭ ফুট বহল এখন দলং নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও ঠিকাদাৰে মাত্ৰ ৪ফুট বহল কাঠৰ দলং নিৰ্মাণ কৰে। যাৰ ফলত এখন ঠেলাগাড়ী যোৱা সম্ভৱ নহয়।২৫ জুলাই পুৱা অঞ্চলটোৰ লাৱণ্য দলে নামৰ প্ৰায় ৫৫ বছৰীয়া মহিলাগৰাকীয়ে তীব্ৰ জ্বৰত আক্ৰান্ত হয়।মহিলাগৰাকীক পৰিয়ালৰ লোকে কাপোৰেৰে মেৰিয়াই সাঙী কৰি বহু দূৰ বাট খোজকাঢ়ি আহে।পিছত মহিলাগৰাকীক ব্যক্তিগত বাহনেৰে ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়া হয়। বৰ্তমান মহিলাগৰাকী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে, বানপানী শুকাই যোৱাৰ পিছতে অঞ্চলটোত জ্বৰ,কাহ আদি বেমাৰ দেখা দিয়া বুলি ৰাইজে অভিযোগ কৰিছে।
বানাক্ৰান্ত লোকসকৰ বাবে এতিয়ালৈকে কোনো ধৰণৰ চিকিৎসা শিবিৰো অনুষ্ঠিত কৰা নাই। জিলা পশুপালন বিভাগৰ তৰফৰ পৰাও বানত আক্ৰান্ত হৈ থকা পশুধনসমুৰ বাবে ঔষধ আদি যোগান ধৰা পৰিলক্ষিত হোৱা নাই। জিলা প্ৰশাসন তথা থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী তৎপৰতাত বানত আক্ৰান্ত লোকসকলক বানপানী হৈ থকা সময়তে চৰকাৰী ভাবে চাউল,দাইল,নিমখৰ ব্যৱস্থা কৰিছিল যদিও বৰ্তমান বান শুকুৱাৰ পিছত জিলা প্ৰশাসন আৰু ডিমৌ স্হানীয় প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ নকৰাৰ বাবে অসমৰ ভুমিপুত্ৰ মিচিং জনগোষ্ঠীৰ প্ৰধান অঞ্চল মিলনকুৰৰ লোকসকলে তিব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।