পূৱ ঢকুৱাখনাত মিচিং সাহিত্য সভাৰ উদ্যোগত তৰুণ চন্দ্ৰ পামেগামৰ স্মৃতিচাৰণ অনুষ্ঠান
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মিচিং জনজাতি অধ্যুষিত অঞ্চল সমুহত শুকুৰবাৰে পূৱাৰে-নিশা পৰ্যন্ত বৰ্ণাঢ্য কাৰ্যকৰী অসম সাহিত্য সভাৰ উপ-সভাপতি তথা মিচিং সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক,ভাষাবিদ তৰুণ চন্দ্ৰ পামেগামৰ ৩৬ সংখ্যক স্মৃতি দিৱস উদযাপন কৰে। ইয়াৰ অংশৰূপে পূৱ ঢকুৱাখনা অঞ্চলতো 197 নং কপচান আবৰ প্ৰাথমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় মিচিং সাহিত্যৰ লগতে অসমৰ সাহিত্য জগতলৈ বৰঙণি আগবঢ়াই যোৱা সাহিত্য, কবি,-তৰুণ চন্দ্ৰ পামেগামৰ-৩৬ সংখ্যক স্মৃতি দিৱস। অনুষ্ঠানৰ"তৰুণ চন্দ্ৰ পা:মেগা:মৰ কৰ্ম জীৱন,মিচিং ভাষাৰ ভৱিষ্যত আৰু আমাৰ কৰণীয়"শীৰ্ষক আলোচনা চক্ৰ,তৰুণ চন্দ্ৰ পামেগাম সোৱঁৰণী-কবিতা আবৃত্তি আৰু ঐনিতম প্ৰতিযোগিতাও আয়োজন কৰা হয়। এই অনুষ্ঠানৰ মুকলি সভাত মিচিং সাহিত্য সভাৰ বৰ্তমানৰ কেন্দ্ৰীয় সদস্য-প্ৰবীণ কুমাৰ মিলি,প্ৰণৱ দলে,মিৰি আবুং বিল্লাম আঞ্চলিক সমিতিৰ সভাপতি ৰজনীকান্ত পেগু সম্পাদক জয়ন্ত কুটুম,যতিন দলে,মহেন্দ্ৰ পেগু,মোহন পগুকে
আদি কৰি বহুসংখ্যক বিশিষ্ট লোকে নিৰ্দিষ্ট বক্তা,আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে।