মিচিং স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ সহ ১৫০০ শতাধিকৰ বিজেপিত যোগদান ঢকুৱাখনাত
এসময়ৰ কংগ্ৰেছৰ দূৰ্গ ঢকুৱাখনা সমষ্টিত বিজেপিৰ বিজয়ৰ গতি আৰু কোনেও ৰুধিব নোৱাৰিব অনাগত দিনত। কাৰণ বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰা ঢকুৱাখনাৰ বিভিন্ন ৰাজনৈতিক দলৰ বহু ৰাজনৈতিক দলৰ নেতাই পিন্ধিলে গেৰুৱা সাজ।আজি ঢকুৱাখনা ৰাজহুৱা ভৱনত বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ এখন বৃহৎ সভা মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত মিছং জাতীয় সংগঠনৰ জ্যেষ্ঠ নেতা,মিচিং স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ হেমেশ্বৰ পেগু, সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় নেতা,জিলা পৰিষদৰ প্ৰাক্তন সদস্য পৰমা চূংক্ৰাং, লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক-প্ৰগেছ মেদক,মৰনৈ পঞ্চায়তৰ বৰ্তমানৰ কংগ্ৰেছ সভানেত্ৰী অমিয়া চুতীয়া,গণশক্তিৰ কেন্দ্ৰীয় নেতা বৈদ্যনাথ পাঞাং সহ আজি প্ৰায়-১৫০০ শৰো অধিক-কংগ্ৰেছ, অগপ, গণশক্তিৰ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।
ঘনকান্ত দলে,ঢকুৱাখনা
এম,এ,চি'ৰ প্ৰাক্তন উপাধ্যক্ষ মিচিং জাতীয় সংগঠনৰ নেতা হেমেশ্বৰ পেগুৰ প্ৰতিকৃতি দাহেৰে ক্ষোভ টি,এম,পি,কে,এম,এম,কেৰ
মিচিং সকলৰ সংবিধানিক ন্যায্য অধিকাৰ প্ৰাপ্তিৰ বাবে কৰি জাতীয় সংগ্ৰামৰ নেতৃত্ববহনকাৰী নেতা সদৌ মিচিং ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা মিচিং স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ হেমেশ্বৰ পেগুৰ লগতে সন্মিলিত গণশক্তি অসম দলৰ কেন্দ্ৰীয় নেতা তথা প্ৰাক্তন লখিমপুৰ জিলা পৰিষদৰ সদস্য পৰমা চূংক্ৰাং, বৈদ্যনাথ পাঞাং ইত্যাদি কৰি বহু সংখ্যক মিচিং জাতীয় সংগঠনৰ নেতাই শুকুৰবাৰে মন্ত্ৰী নৱ দলেৰ উপস্থিতিত বিজেপি গমণ কৰাত এতিয়া মিচিং অধ্যষিত অঞ্চলবোৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হেমেশ্বৰ পেগু,পৰমা চূংক্ৰাং, আৰু বৈদ্যনাথ পাঞাঙক মিচিং জাতীয় সংগ্ৰামক দিশহাৰা কৰিব খোজা বিভেদকামী শত্ৰু বুলি অভিহিত কৰি বহু ঠাইত প্ৰতিকৃতি দাহেৰে ঢকুৱাখনাৰ বিভিন্ন আঞ্চলিক মিচিং ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰে।
অন্যহাতে এই তিনিওজন মিচিং জাতিৰ শত্ৰুক মিচিং এলেকাত সামাজিক তথা ৰাজনৈতিক কাম-কাজ নচলাবলৈ আহ্বান জনাই অন্যথা ২০০৪-০৫ চনৰ দৰে ভাতৃ ঘাটি সংঘৰ্ষৰ এক পৰিস্থিতি সৃষ্টি হ'ব পাৰে বুলিও সকিয়াই দিয়ে এক সংবাদমেলযোগে