Share on Facebook

ঢকুৱাখনাত আৰম্ভ হৈছে বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱ ২০১৯।




ঢকুৱাখনাত আৰম্ভ হৈছে বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱ ২০১৯।

ৰাজ্যখনৰ ভিতৰতে এটা পুৰণি মহকুমা হিচাপে পৰিচিত ঢকুৱাখনাৰ কৃষ্টি সংস্কৃতিৰ বৰ্ণিল সমাহাৰৰ মাজত যোৱাকালি পৰা ঢকুৱাখনাত আৰম্ভ হৈছে "বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱ ২০১৯"। ঢকুৱাখনাৰ অন্যতম শিক্ষা আৰু ক্ৰিয়াৰ প্ৰাণকেন্দ্ৰ ঘিলামৰাত ঢকুৱাখনা মহকুমা প্ৰশাসন, জিলা ক্ৰিয়া সন্থা তথা ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ বিশেষ উদ্যোগত অনুষ্ঠিত হোৱা এই বৃহৎ ক্ৰিয়া মহোৎসৱ খনৰ বাবে ঢকুৱাখনাৰ  ক্ৰিয়াৰ প্ৰাণকেন্দ্ৰ ঘিলামৰা আজি হৈ পৰে এখন ক্ষুদ্ৰ অলিম্পিক ক্ষেত্ৰলৈ। ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইগৰাকী প্ৰসিদ্ধ খেলুৱৈ তথা হাজাৰ হাজাৰ ক্ৰীড়ানুৰাগী লোকৰ উপস্থিতিৰ লগতে ঢকুৱাখনা বিধানসভা সমষ্টিৰ ২৫ খন পঞ্চায়তৰ ২৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰি অধিক আকৰ্ষণীয় কৰি তোলে উদ্বোধনী অনুষ্ঠানতো। ক্ৰীড়া সমাৰোহখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ প্ৰবীণ ক্ৰিয়াবিদ তথা আন্তৰাষ্ট্ৰীয় ফুটবলখেলুৱৈ তসেন বৰাই একপ্ৰকাৰ অভিভূত হৈ কয় যে,- " ঢকুৱাখনা আজি এইখন ক্ষুদ্ৰ অলিম্পিক ক্ষেত্ৰলৈ পৰিণত হৈছে। এনে এক বৃহৎ ক্ৰীড়া সমাৰোহৰ  আয়োজন ঢকুৱাখনাৰ নিচিনা এখন ঠাইত হোৱাটো সচাই গৌৰৱৰ কথা। ঢকুৱাখনাৰ বিধায়ক গৰাকীয়ে যি মহৎ চিন্তাৰে এই ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰিছে এই চিন্তাৰ প্ৰভাৱ সমগ্ৰ অসমৰ চুকে কোনে বিয়পি পৰক। ঢকুৱাখনাৰ চাৰিওফালে যিসকল ক্ৰীড়াপ্ৰতিভাই সহায় সুবিধাৰ অভাৱত আগবাঢ়ি আহিব পৰা নাছিল সেইসকল প্ৰতিভাবান খেলুৱৈক এখন উপযুক্ত মঞ্চ দিয়াই নহয় তেওঁলোকক উপযুক্ত আৰু সঠিক দিশত আগুৱাই নিয়াৰ মহৎ পদক্ষেপ আজি আৰম্ভ হৈছে। এইয়া সচাই ঢকুৱাখনাৰ বাবেই নহয়, সমগ্ৰ অসমৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ।" আনহাতে ঢকুৱাখনাত কেৱল তিনিখন ফুটবল খেলপথাৰ থকাৰ বিষয়টোত কিছু আচৰিত প্ৰকাশ কৰি ঢকুৱাখনাৰ লগতে ৰাজ্যৰ চাৰিওফালে বৃহৎ পৰিমাণৰ ফুটবল খেলপথাৰ স্থাপন হ'লেহে ৰাজ্যত ব্যাপক ক্ৰিয়া আন্দোলন গঢ়ি উঠাই নহয়, ক্ৰীড়া প্ৰতিভা সমূহে অসমৰ নাম বিশ্বত জিলিকাই তুলিব বুলি তেওঁ আশা ব্যক্ত কৰে। লখিমপুৰ জিলাৰ উপায়ুক্ত ডঃ জীৱন বি, জিলা প্ৰকল্প বিষয়া নৰেন্দ্ৰ পাৱ, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ, জিলা পৰিষদৰ সভানেত্রী মঞ্জু বৰগোহাঁই,  ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া মোহন লাল মীনাকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত নিজৰ উদ্বোধনী ভাষণত সমাৰোহৰ মুখ্য উদ্যোক্তা মন্ত্ৰী নৱকুমাৰ দলেই কয় যে,- "বৰ্তমান সময়ত ক্ৰীড়া হৈছে বিশ্ব ভাতৃত্ববোধ আৰু সমন্বয় সৃষ্টি কৰিব পৰা এক উপযুক্ত মাধ্যম। যুৱ প্ৰজন্মই ক্ৰীড়াক নিচাৰ সলনি পেচালৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিব লাগে। ক্ৰীড়াক পেচালৈ ৰূপান্তৰ কৰিব পৰা সকলৰ ভৱিষ্যত সদায় উজ্বল"। গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্ত কৰি যথোপযুক্ত প্ৰশিক্ষণেৰে ৰাজ্যিক,আন্তঃৰাষ্ট্ৰীয় আৰু বিশ্ব পৰ্যায়ৰ খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পৰাকৈ যোগ্য কৰি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ ভিতৰতে প্ৰথমখন সমষ্টি ভিত্তিক ক্ৰীড়া মেগা গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাৰূপে বিবেচিত হোৱা-"বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱে সমগ্ৰ ঢকুৱাখনালৈ আনিব এক বৃহৎ ক্ৰীড়াক্ষেত্ৰৰ পৰিৱৰ্তন। ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি এই ক্ৰীড়া প্ৰতিযোগিতাখন উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ক্ৰীড়া নীতিৰ দ্বাৰা খেলুৱৈসকল কিদৰে লাভৱান হ'ব সেই বিষয়ে অৱগত কৰে। ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ উদ্ধোধনী অনুষ্ঠানত অলিম্পিক শিখা প্ৰজ্বলন কৰে ঢকুৱাখনাৰ বিশিষ্ট ক্ৰীড়াবিদ জগদীশ গগৈয়ে।  অন্যহাতে অলিম্পিক শিখা মূল অংশত স্থাপন কৰে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ-জয়শ্ৰী কোঁৱৰে। উল্লেখযোগ্য যে এই ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে ঢকুৱাখনাৰ শিল্পী মৃগনাভ কোঁৱৰে কৃষকৰ বন্ধু শামুকভঙা চৰাইক কেন্দবিন্দু কৰি "দুগদুগী" নামেৰে এটি শুভংকৰ প্ৰস্তুত কৰি আজি সকলোৰে আগত মুকলি কৰে। লগতে ৰাজকুমাৰ গগৈৰ ৰচনাৰে প্ৰস্তুত কৰা ক্ৰীড়া প্ৰতিযোগিতাখনৰ শীৰ্ষগীতো আজি এদল ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে নৃত্যৰ মাজেৰে। আজিৰ উদ্ধোধনী অনুষ্ঠানত ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। লগতে সন্ধ্যাভাগলৈ মাজুলীৰ শিল্পী তুলিকা শইকীয়াই গীত পৰিবেশন কৰি উদ্বোধনী অনুষ্ঠানতো অধিক ৰঙিন কৰি তোলে। এই ক্ৰীড়া প্ৰতিযোগিতাখনত-

১৪বছৰ,১৬ বছৰ আৰু ২১ বছৰ অনুৰ্দ্ধৰ তিনিটা শাখাত ল'ৰা আৰু ছোৱালীৰ মাজত-ফুটবল,ভলীবল, দৌৰ, কাবাদি ইত্যাদি বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।






MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم