Share on Facebook

কলখেতি আৰু গাহৰি পালনেৰে স্বাৱলম্বী এজন যুৱক


কলখেতি আৰু গাহৰি পালনেৰে স্বাৱলম্বী এজন যুৱক, নাম তেওঁৰ নিৰুজ টাৱ।

যিসময়ত ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ অভাৱত বৰ্হি ৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়ত ঢকুৱাখনাৰ  এজন যুৱকে কৃষি কৰ্মৰে এক সেউজ বিপ্লৱৰ সূচনা কৰিছে ।

       ঢকুৱাখনা মৰনৈ বেবেজীয়া অয়েঙিয়া বৰ গাঁৱৰ স্নাতক ডিগ্ৰীধাৰী এইজন যুৱকে গাহৰি পালন আৰু কলখেতিৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ।

      এসময়ত দিন হাজিৰা কৰা পিতৃক সহায় কৰিবৰ বাবে বৰ্হি ৰাজ্যলৈ গমন কৰা যুৱকজনে ঘৰলৈ ঘূৰি আহি এতিয়া নিজ গাঁৱতে কৃষি কৰ্ম আৰম্ভ কৰি শতাধিক গাহৰিৰ গৰাকী হোৱাৰ উপৰি প্ৰায় পাঁচ বিঘা মাটিত উন্নত প্ৰজাতিৰ কলখেতি আৰম্ভ কৰিছে ।

         কলখেতিৰ পৰা (কল আৰু পুলি) বিক্ৰী কৰি বছৰত দুই-তিনি লাখ টকা উপাৰ্জনৰ লক্ষ্য লোৱা যুৱকজনে বৰ্তমান "য়কছায়া আৰু ঘূংগুৰু " প্ৰজাতিৰ গাহৰি আৰু পোৱালি বিক্ৰী কৰি প্ৰতিমাহে দুইৰ পৰা আঢ়ৈ লাখ টকা উপাৰ্জন কৰিছে।

     যোৱা বছৰ ঢকুৱাখনা মহকুমাৰ শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰা এই যুৱকজনক শেহতীয়াকৈ "এলাহাবাদ বেঙ্ক" বেবেজীয়া শাখাই ডেৰ লাখ টকা ঋণ আগবঢ়াইছে ।



উল্লেখযোগ্য যে মিচিং দলীয় সংগঠন তথা জাতীয় সংগঠন TMPK, TMMK, MMK আৰু মিচিং স্বায়ত্ব পৰিষদে যদিহে নিৰুজ তাৱক আৰ্থিক ভাৱে সহায় সহযোগিতা আগবঢ়াই তেতিয়া আৰু অধিক উদ্যমীয়ে গাহৰি আৰু কল খেতি বহলাই উন্নতি সাধন কৰিব পাৰিব বুলি আশা কৰিব পৰা যায়।

      বৰ্তমান "লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ''ৰ দিহা-পৰামৰ্শৰ ভিত্তিত ব্যৱসায় আগবঢ়াই নিয়া যুৱকজনৰ এটাই ক্ষোভ যে, -- "কৃষকক সহায় কৰিব পৰাকৈ ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত নাই কোনো সা-সুবিধা । আনহাতে পশু-পক্ষীৰ বাবেও সমীপত নাই কোনো চৰকাৰী চিকিৎসক অথবা চিকিৎসালয়।"




MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم