TMPK,TMMK আৰু MMK দাংধৰা আঞ্চলিক কমিটিৰ ক্ৰমে ত্ৰয়োদশ , দ্বাদশ আৰু একাদশ দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন।
ঢকুৱাখনাৰ কেকুৰী কনিষ্ঠ মহাবিদ্যালয়ত আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে TMPK,TMMK আৰু MMK দাংধৰা আঞ্চলিক সমিতিৰ ত্ৰয়োদশ দ্বাদশ আৰু একাদশ দ্বি-বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযান,পতাকা উত্তোলন ,শ্বহীদ তৰ্পন আৰু প্ৰতিনিধি পঞ্জীয়নৰ লগতে এখনি গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা আৰম্ভ হয়।
উক্ত সভাখনি উদ্বোধনী ভাষণ দিয়ে TMPKৰ ঢ:জিলা সমিটিৰ সম্পাদক মিগাং ৰাজীৱ দলে ।সভাখনৰ সঞ্চালক হিচাবে শুৱনি কৰে MMK ঢকুৱাখনা জিলা সমিটিৰ প্ৰাক্তন সভাপতি বিষ্ণৰাম দলে।
মুকলি সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে MMK কেন্দ্ৰীয় সমিটিৰ সভাপতি সুনিল পেগুৱ, TMPK কেন্দ্ৰীয় সমিটিৰ প্ৰাক্তন উপদেষ্টা মিগাং ইন্দ্ৰ কুমাৰ চুংক্ৰাংৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দ জিলা পৰ্যায়ৰ পৰা আঞ্চলিক নেতৃত্বস্থানীয় ব্যক্তি সকল ,আমন্ত্ৰিত অতিথিসকলে বহুমূলীয়া ভাষণ আগবঢ়ায় ।
উল্লেখযোগ্য যে বিশেষকৈ আজি পুৰণি সমিটি ভংগ কৰাৰ লগতে আৰু নতুন কমিটি গঠন কৰা হয়। সভাখনত প্ৰায় ৫ শতাধিকৰো অধিক ৰাইজ উপস্থিত থাকে