এখন ভিতৰুৱা মিচিং গাঁৱৰ একাংশ উদ্যমী মহিলা-যুৱতীৰ আত্ম সংস্থাপনৰ ব্যতিক্ৰমী প্ৰচেষ্টা ।
নিজে কিবা এটা কৰাৰ অদম্য ইচ্ছা তেওঁলোকৰ ।সেয়ে কৰিছে কাঠফুলাৰ খেতি ।'ইন্দিৰা' নামৰ আত্ম সহায়ক গোটৰ জৰিয়তেকাঠফুলা খেতিৰে স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হবলৈ সক্ষম হৈছে বুৰৈ অঞ্চলৰ হাতীমৰা গাঁৱৰ ১১ গৰাকীকৈ মহিলা -যুৱতীয়ে । বাহিৰত কাঠফুলা খেতিৰ প্ৰশিক্ষন লৈ আহি যোৱা ছমাহ দিন ধৰি তেওঁলোকে অব্যাহত ৰাখিছে এই কাঠফুলা খেতি । গোটৰ সকলো সদস্যই সমিল মিলেৰে এই খেতি কৰি মাহে ২৫ ৰ পৰা ৩০ হাজাৰ টকালৈকে কাঠফুলা বিক্ৰী কৰি উৰ্পাজন কৰিবলৈ সক্ষম হৈছে । এনে ব্যতিক্ৰমী খেতিৰ মাজেৰে আজিৰ নাৰী সমাজ পুৰুষ প্ৰধান সমাজৰ তলত যে নহয় তাক তেওঁলোকে প্ৰমানিত কৰিছে । আয় কৰা ধনেৰে পৰিয়ালৰ সৰু সুৰা অভাৱ বোৰ পূৰণ কৰিবলৈ সক্ষম হোৱা এই সকল মহিলা -যুৱতী এতিয়া অন্যান্য মহিলা-যুৱতীৰ কাৰণে আৰ্দশস্বৰূপ হৈ পৰিছে ।