\
দাংবডি,বিলাহী,কেপচিকাম,কেৰেলা খেতিৰে স্বাৱলম্বী বৰতলৰ গৌতম ::বানপীড়িত অঞ্চলত নীৰৱে চলিছে সেউজ বিপ্লৱ::
ৰাজ্য খনত যিটো সময়ত উচ্চ শিক্ষিত নিবনুৱা যুৱক- যুৱতীয়ে এটা চৰকাৰী চাকৰিৰ আশাত অথবা জীৱিকাৰ তাগিদাত বহি:ৰাজ্যলৈ ঢাপলি মেলি জীৱনৰ মূল্যবান সময় অতিবাহিত কৰিছে ঠিক সেই সময়তে একাংশ যুৱক-যুৱতীয়ে চাকৰিৰ সপোন ত্যাগ কৰি কৃষি কৰ্মত নিয়োজিত হৈ আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে।যি সময়ত হাজাৰ হাজাৰ যুৱক যুৱতীয়ে কৰ্মসংস্হাপনৰ অভাৱত ফেচবুক, হোৱাটছ আপ আদি সামাজিক মাধ্যমত সময় অতিবাহিত কৰিছে তেনে সময়তে বোকাখাত বিধান সভা সমষ্টিৰ দিচৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ নিকৰি বৰতল গাৱঁৰ এগৰাকী শিক্ষিত যুৱক গৌতম লইঙে প্ৰায় ৬ বিঘা মাটিত দাংবডি, বিলাহী,কেপচিকাম,কেৰেলা আদি শাক পাছলিৰ খেতি কৰি কৰ্ম সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। সৰুৰে পৰাই কৃষি কৰ্মত জড়িত হৈ বছৰৰ আটাইকেইটা ঋতুতে খেতি কৰা গৌতমে প্ৰায় ৬ বিঘা মাটিত দাংবডি, কেৰেলা, বিলাহী,কেপচিকাম আদি বিভিন্ন শাক-পাচলিৰে ভৰাই তুলিছে। প্ৰায় ৯০ শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা উক্ত বানপীড়িত অঞ্চলটোত কৰ্ম সংস্কৃতি বাতাবৰণ গঢ়ি তোলাৰ এক উল্লেখনীয় ভূমিকা পালন কৰিছে গৌতমে।কৃষি কৰ্মৰ জড়িয়তে নিজৰ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে আৰু কেইবাটাও পৰিয়ালক আৰ্থিক ভাৱে যথেষ্ট পৰিমাণে উপকৃত কৰিবলৈ সক্ষম হৈছে।এতিয়া সকলোৰ বাবে গৌতম হৈ পৰিছেএক আদৰ্শ স্বৰূপ।অতি দুখৰ বিষয় যে কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ বানাক্ৰান্ত দিচৈ পঞ্চায়তৰ অন্তৰ্গত নিকৰি বৰতলৰ ওচৰতে থকা বাৰিখন চাবলৈৰো কৃষি মন্ত্ৰী অতুল বৰাক এবাৰ চায় যাবলৈ আহ্বান জনাইছে গৌতমে৷
সুন্দৰ প্ৰদক্ষেপ
ردحذفসুন্দৰ। আগবাঢ়ি যোৱা।
ردحذف