ঢকুৱাখনাৰ দাংধৰা গাঁও পঞ্চায়তত আধাৰ কাৰ্ড কেন্দ্ৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নাম অন্তৰ্ভুক্তিক লৈ মিচিং দলীয় সংগঠনৰ প্ৰতিবাদ।
কৰ'ণাৰ ফলত লকডাউনৰ বাবে দাংধৰাত বহুসংখ্যক লোক ৰৈ গৈছে আধাৰ কাৰ্ড ।
ফলত এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ আৰু অন্তদয়া চাউলৰ বাবে আধাৰকাৰ্ড আৱশ্যক হোৱাৰ বাবে ঢকুৱাখনাৰ দাংধৰাত বয়োজেষ্ঠ আৰু যুৱক যুৱতীসকলৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে।
অন্যহাতে দাংধৰা পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীৰ বহুসংখ্যক লোক বাদ পৰাৰ ফলত আৰু ভূমি পট্টা প্ৰদানৰ বাবে নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে।
সেয়েহে আজি টি এম পি কেৰ দাংধৰা আঞ্চলিক সমিতিয়ে এই সমস্যা সমূহ সমাধানৰ বাবে প্ৰশাসনৰ ওচৰত আজি দাংধৰা পঞ্চায়তত প্ৰতিবাদ সাব্যস্ত কৰে।