লখিমপুৰত জলপ্ৰলয়। শিঙৰাৰ সংহাৰী বানে উটুৱাই নিলে ৬ জনকৈ লোকক।
হাৰমতিত বানত ডুবিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। দ'লহাটত শিঙৰাৰ বানে চিঙিলে গড়কাপ্তানী পথ।
শ-শ লোকৰ ঘৰ দুৱাৰ নিলে উটুৱাই। বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি।
সমান্তৰাল বাবে কাকৈ, গোমনদী, দীৰ্ঘা নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ
পানীৰ তলত শ শ ঘৰ, বাট পথ খেতিপথাৰ।
আজি পুৱাৰে পৰা পাঁচ ঘন্টা ধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ অন্তৰ্গত কেইবাখনো গাঁৱত বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰে।
কাকৈ, গোমনদী আৰু দীৰ্ঘা নদীয়ে সৃষ্টি কৰা ভয়ংকৰ বানপানীয়ে কদম বাগান গাঁও, কদম টেঙা বস্তি, কদমিয়াল, ন ভঙনীয়া আৰু দীৰ্ঘা পথাৰ গাঁওৰ শ শ বাসগৃহ, খেতিপথাৰ, বাট পথ বুৰাই পেলাই।
আনকি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কদম চিয়াজুলি গড়কাপ্তানি পথৰ ওপৰেদি পানী বাগৰি পথটোৰ যোগাযোগ বিচ্ছিন্ন কৰি দিছে।
পল্লব মিলি/লখিমপুৰ।