মুখ্যমন্ত্ৰীৰ সমষ্টি হিচাপে মাজুলীৰ বহু বাট পথ পকীকৰন হৈছে যদিও বহু ভিতৰুৱা অঞ্চলৰ বাট পথে দীৰ্ঘ দিনৰ পৰা জনসাধাৰণক হাৰাশাস্তি ভুগাই আহিছে । প্ৰধানকৈ লক্ষিমপুৰৰ সীমামূৰীয়া অঞ্চল সমুহত বৰ্তমানো পৰা নাই উন্নয়নৰ আঁচোৰ । এফালে সোৱনশিৰি আৰু খৰিকটীয়া নদীৰ খহনীয়া আনফালে গাঁৱৰ প্ৰধান পথত একাঠো প্ৰয্যন্ত বোকা । নিতৌ শতাধিক ছাত্ৰ ছাত্ৰী এই পথেৰে ৰঙাচাহী মহাবিদ্যালয়, মাজুলী জনজাতীয় কনিষ্ঠ মহাবিদ্যালয়লৈ যমৰ যাতনা ভোগী অহা যোৱা কৰি আহিছে । আনহাতে লক্ষিমপুৰৰ বহু লোক এই পথেৰে লুইত খাবলু হৈ অহা যোৱা কৰাৰো অন্যতম পথ ।
এইপথে দি টেঙা গুৰি,আজাৰগুৰি,কুলামুৱা,বিজয় চাপৰি, বালি জকাইবোৱাকে ধৰি প্ৰায় ২০/২৫ খন গাঁৱৰ লোকে মাজুলীৰ সদৰ গড়মুৰ, কমলাবাৰী কে ধৰি অন্যান্য স্থানলৈ অহা যোৱা কৰি আহিছে। বহুবাৰ স্থানীয় লোকে সংশ্লিষ্ট বিভাগক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাত স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ৰ হস্তক্ষেপ ৰ দাবী জনাইছে।
মাজুলীৰ পৰা লোকনাথ নৰহ ৰিপোৰ্ট