আজি তাৰিখতে আমাৰ মিছিং সমাজৰ সম্পদ, স্বনামধন্য শিল্পী তথা মিছিং আৰ্টিষ্ট এচছিয়েচনৰ প্ৰতিস্থাপক সভাপতি যমোদ কাই খ্যাত প্ৰয়াত মৃণাল দলেৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনা পূৱ ঢকুৱাখনা আঞ্চলিক TMPK MMK উদ্যোগত আৰু মিছিং আৰ্টিষ্ট এচছিয়েচনৰ সহযোগত তেখেতৰ নিজা বাসগৃহ পূৱ ঢকুৱাখনা লাইপুলিয়াত থকা মৰিশালি (আগ্) ত বন্তি প্ৰজ্বলন ও মৌন প্ৰাৰ্থনা কৰা হয় |
উক্ত কাৰ্যসূচীত TMPK কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সহ সম্পাদক ও তেখেতৰ ভ্ৰাতৃ সজ্ঞীৱ দলে, MMK ঢকুৱাখনা জিলা সম্পাদক মোহন পেগু, TMPK জিলা উপ সভাপতি ধৰ্মেন্দ্ৰ পেগু, মিছিং আৰ্টিষ্ট এচছিয়েচনৰ সভাপতি ও সম্পাদক ক্ৰমে বাবা (সজ্ঞু) দলে, ফিৰোজ পেগু আৰু ঢকুৱাখনা জিলা TMPK MMK সদস্য উপস্থিত থাকে |
Dhakuakhana, Pulin pegu


