ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন আবেদন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে।
বোম্বে উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছত অৰ্ণৱ গোস্বামী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।
মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অৰ্ণৱ গোস্বামীক।
উচ্চতম ন্যায়ালত অৰ্ণৱ গোস্বামীৰ জামিন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰি ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, অৰ্ণৱ গোস্বামী আৰু অন্য দুয়োজন লোককে ৫০ হাজাৰ টকাৰ বোণ্ডত অন্তৱৰ্তীকালীন জামিন দিব লাগে।’ আদেশ পালন কৰিবলৈ এতিয়া ন্যায়ালয়ে নিৰ্দেশ দিছে আৰক্ষী আয়ুক্তক।
Mumbai: Republic TV Editor Arnab Goswami released from Taloja Jail following Supreme Court order pic.twitter.com/W78hDjfVah
— ANI (@ANI) November 11, 2020

