গত ২০ নবেম্বৰৰ দিনা বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ বাসগৃত উত্তৰ মহুৰা আঞ্চলিক
টি এম পি কেৰ প্ৰাক্তi9ন সভাপতি শংকৰজ্যোতি মৰাঙে কেইবাগৰাকীও সহপাঠীক লৈ অসম গণ
পৰিষদত যোগদান কৰাৰ খৱৰটো সংবাদ মাধ্যমত টি এম পি কেৰ উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ
সভাপতিৰ সৈতে ১৪ জন কৰ্মী অ গ পত যোগদান কৰা বুলি প্ৰকাশ আৰু প্ৰচাৰ হোৱাৰ পিছত
আজি মিছিং ছাত্ৰ সংগঠন টি এম পি কেৰ গোলাঘাট জিলা সমিতি আৰু উত্তৰ মহুৰা আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকলে বংকোৱাল বালিচাপৰিত এক সংবাদমেল যোগেদি স্পষ্টীকৰণ দিয়ে৷
সংবাদ মেলত টি এম পিকেৰ গোলাঘাট জিলাৰ উপ সভাপতি জিতু বৰি,উত্তৰ মহুৰা আঞ্চলিক
সমিতিৰ সভাপতি বাবুকান্ত দাৱ,গোলাঘাট জিলা টি এম পিকেৰ সম্পাদক আকাশ মিলি, পলাশ লইং, নয়নমনী বৰি,বিশ্বজিৎ লইং ,উদয় ভাস্কৰ মৰাং,অবিনাশ পাঠৰি আদি নেতা কৰ্মী উপস্থিত আছিল৷
মহুৰামুখৰ পৰা
বলোৰাম কামান
মিছিং লুতাদ৷
