Share on Facebook

লখিমপুৰ জিলাৰ চাউলধোৱাত ৬ সন্দেহজনক এন এছ ছি এন সদস্যক আটক কৰি ডেৰ লক্ষাধিক টকা জব্দ

 

অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন এন এছ ছি এনৰ ৬ জনকৈ সন্দেহজনক সদস্যকড আজি লখিমপুৰ জিলাৰ চাউলধোৱাত আটক কৰিবলৈ সক্ষম হয় সৈন্য বাহিনী তথা আৰক্ষীয়ে ।


 ইয়াৰে এগৰাকী মহিলা এন এছ ছি এনৰ সদস্য। জানিব পৰামতে , আজি অসম নাগালেণ্ডৰ মন' জিলাৰ  পৰা শিৱসাগৰ জিলাৰ চৰাইদেউ হৈ ছয় জনকৈ দুধৰ্ষ এন এছ ছি এন ডিব্ৰুগড় জিলা হৈ লখিমপুৰৰ দিশে আহি থকাৰ খবৰ লাভ কৰে বিশেষ সূত্ৰৰ যোগে । 

 

 তাৰ পিছৰ পৰাই শিৱসাগৰৰ চৰাইদেউৰ পৰা  পিছ লৈ শিখ ৰেজিমেন্টৰ সৈন্য বাহিনীৰ দলে ।

 সহযোগ কৰে ডিব্ৰুগড় বৰবৰুৱা থানাৰ আৰক্ষীয়ে । এন এছ ছি এনৰ সদস্যৰ দলটো এ এছ ০৬ এল‌ ৭৩৩৭ নম্বৰৰ জাইল' গাড়ী এখনত । সন্দেহজনক দলটো লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ থেকেৰাগুৰিৰ কিংছৱে নামৰ ধাবা খনত ভাত খাবলৈ সোমাওতেই সৈন্য বাহিনী, ডিব্ৰুগড় আৰক্ষী , গোগামুখ, বগীনদী, চাউলধোৱা আৰক্ষীয়ে যৌথ অভিযান চলাই সন্দেহজনক এন এছ ছি এন দলটোক আটক কৰিবলৈ সক্ষম হয় । আটক কৰি চাউলধোৱা আৰক্ষী চকীলৈ দলটোক অনাৰ পিছত জেৰা চলাই লখিমপুৰ জিলা প্ৰশাসনৰ উচ্চ প্ৰদস্থ বিষয়াই ।সোধপোচৰ অন্তত শিৱসাগৰৰ চৰাইদেউলৈ লৈ যোৱা হয় তথা এন এছ ছি এনৰ দলটোক নাগালেণ্ডৰ প্ৰশাসনক গটাই দিয়া হ'ব বুলি জানিব পৰা গৈছে । সন্দেহজনক এন এছ ছি এনৰ দলটোৰ পৰা ডেৰ লক্ষাধিক টকা জব্দ কৰা হয় । দলটো সদস্য কেইজনৰ নাম ৱাটি ফম ( ২৮), লাঙচাহ কন্যাক ( ২৭ ), নকং কান্যক ( ২৮), কিয়াৱাং ( ২৯), গৌৰৱ ভূইন ( ৩১), অমন কন্যাক ( ৩০) বুলি জানিব পৰা গৈছে । কিয় এন এছ ছি এনৰ দলটো অসমত প্ৰৱেশ কৰিছিল তথা অন্যান্য সবিশেষ সংবাদ মাধ্যমক অৱগত নকৰিলে প্ৰশাসনে । 

 পল্লব মিলি/লখিমপুৰ

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم