মাজুলীত ভয়াবহ ৰূপত বৃদ্ধি পাইছে নিবনুৱা সমস্যা ।
গৃহৰক্ষী বাহিনীৰ ১১০ টা প্ৰশিক্ষণ পদৰ বাবে হাজাৰ- হাজাৰ প্ৰাৰ্থী ।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰিৱৰ্তন আৰু প্ৰগতিৰ দিছে ধাৱমান ৰাজ্যখনৰ দ্বীপ জিলা মাজুলীত দিনক দিনে ভয়াবহ ৰূপত বিধি পাবলাগিছে নিবনুৱাৰ ভয়াবহ সমস্যা ।
বৰ্তমানলৈকে কৃষি , বাণিজ্য ,ক্ষুদ্ৰ উদ্যোগ আদিইয়ে কৰ্মসংস্থাপন মুখী কৰিব পৰা নাই মাজুলীৰ নিবনুৱা সকলক ।তাৰেই এক উজীবিত ছবি প্ৰকাশ পাইছে জিলা সদৰ মাজুলীৰ গড়মূৰত ।
কেইদিনমান মানৰ পূৰ্বে গৃহৰক্ষী বাহিনীৰ বিভাগৰ এক বিজ্ঞাপন অনুসৰি মাজুলী জিলাত মাত্ৰ ১১০ টা গৃহৰক্ষী বাহিনীৰ পদৰ প্ৰশিক্ষণৰ কাৰণে দিয়া বিজ্ঞাপন ভিত্তিত ১৭ নবম্বেৰৰ পৰা আবেদন গ্ৰহণ কৰিছে মাজুলীৰ গড়মূৰ থানত ।
উক্ত প্ৰশিক্ষণ পাবৰ কাৰণে হাজাৰ হাজাৰ প্ৰাৰ্থীৰ দীঘলীয়া আৰু লানি নিছিগা শাৰী ।
কৰ্মসংস্থাপন বিমুখ এই সকল নিবনুৱাই প্ৰতিদিনে পুৱা পাচ বজাৰ পৰা গড়মূৰ সদৰ থানাৰ সন্মুখত হাহাকাৰ কৰিছে নিবনুৱাই ।
উল্লেখযোগ্য যে কোভিড ;১৯ অতিমাৰীৰ সময়ত কৰ্ম সংস্থাপন বিচাৰি বহি ৰাজ্যৰ পৰা উভতি অহা কৰ্মবিমুখ নিবনুৱা যুৱক সকলকো গৃহ ৰক্ষী বাহিনীৰ প্ৰশিক্ষণৰ বাবে আবেদন জমা কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ।
মাজুলী পৰা লোকনাথ নৰহ ৰিপোৰ্ট Mising Lutad