TMPK ৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনাত আজি অন্তিমখন আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ গঢ়াৰ বাবে শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰা হয়।
আজি পুৱাৰ ভাগত TMPK ৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ৰিদিপ জেক পশ্চিম মাজখোৱা পঞ্চায়তৰ অৰ্ন্তগত ৫৪৪ নং গড়পৰা প্ৰাথমিক বিদ্যালয়ত আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠান কাৰ্যসূচী উদ্বোধন কৰে।
এখন আদৰ্শ প্ৰাথমিক বিদ্যালয় আজি কিয় প্ৰয়োজনীয়তা সম্পাদক গৰাকীয়ে বিস্তৃত ভাৱে ডাঙি ধৰে। বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিদ্যালয়ৰ খনক এটা দমকল, ফিল্টাৰ প্ৰদান কৰে কেন্দ্ৰীয় শিক্ষা সম্পাদক গৰাকীয়ে। আৰু লগতে ঢকুৱাখনা জিলা TMPK উদ্যোগত মুঠ ১০খন প্ৰাথমিক বিদ্যালয় আদৰ্শ আজি শুভাৰম্ভণিৰ অনুষ্ঠান আজি সফল সামৰণি মাৰে।
উল্লেখযোগ্য যে গোটেই অসমতে মিচিং অধুষিত অঞ্চলত প্ৰায় ১০০ খন আদৰ্শ স্কুল গঢ়াৰ শুভাৰম্ভ কৰে।
