ৰাসৰ মাজতে মাজুলীত কৃষকৰ তীব্ৰ প্ৰতিবাদ
বালিচাপৰি পথাৰলৈ হাজাৰ হাজাৰ লোক ওলাই আহিল প্ৰতিবাদ কৰিবলৈ
মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ জেংৰাইমুখ বালিচাপৰিত স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ ৷
গুংগৗং চাপৰিত অসম চৰকাৰৰ শক্তি বিতৰণ কোম্পানীয়ে (APDCL ) স্থাপন কৰিব বিচৰা সৌৰ শক্তি প্ৰকল্প ভূমি অধিগ্ৰহণ বিৰুদ্ধে এই প্ৰতিবাদ ৷
জেংৰাই বালিচাপৰি , যমুদচুক, তামাৰ গাওঁ, পুৰণি ঢলা , ডাম্বোকিয়াল এই পাঁচখন গাৱৰ ৬২০ টা পৰিয়ালে
যুগ যগান্তৰ ধৰি কৃষি কৰ্ম কৰি চলি থকা প্ৰায় ৫০০ বিঘা মাটি চৰকাৰে অধিগ্ৰহণ কৰিবলৈ লোৱাৰ বিৰুদ্ধে এনে দৰে উত্তাল প্ৰতিবাদ সাৱস্ত কৰে হাজাৰৰো অধিক লোকে ৷
৫,৫৭০ গৰাকী লোকৰ বসতী স্থল এই পাঁচ খন গাঁৱৰ যুৱক , যুৱতি , আবাল বৃদ্ধ বনিতাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
অসম চৰকাৰে খিলঞ্জীয়াৰ খেতি মাটিৰ ভুমি অধিগ্ৰহণ বন্ধ কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ ৷