চতুৰ্থ দিন ভৰি দিলেহি লাইকা দধিয়াৰ প্ৰতিবাদ।
জিলা প্ৰশাসনৰ গুৰুত্ব নাই। খিলঞ্জীয়াৰ অস্তিত্ব আছেনে এই অসমত?
হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ সাজু এই চৰকাৰখনে-কিন্তুু নিজৰ খিলঞ্জীয়াক দিবলৈ নাই মাটি।
লাইকা দধিয়া গাঁওবাসীক শোষণ তথা দমন কৰিবলৈ প্ৰয়াস কৰিছে।
জিলা প্ৰশাসনে-এই সৰু কেঁচুৱা লৰা ছোৱালী আৰু বৃদ্ধবোৰলৈ অলপো মৰম নাইনে?
এতিয়া মানুহবোৰ ১ K.M আতৰৰ পৰা পানী আনিব লগা হৈছে।
তাতো ওচৰ চুবুৰীয়া মানুহবোৰ পানী অনাত বাধা আৰোপ কৰিছে।
আৰু লাইকা পৰা অহা মানুহবোৰক 'গুইজান ঘাটৰ পৰাই 'অ'ট আৰু জি'প চালকক তিনিচুকীয়া লৈ আহিব দিয়া নাই।
লাইকা দধিয়া মানুহবোৰক খাদ্য সামগ্ৰী, অন্যান্য নিত্য প্ৰয়োজনীয় সামগ্ৰী অনাটো অসুবিধা ও জিলা প্ৰশাসনে দমন নীতি চলাইছে বুলি জানিব পৰা গৈছে।