আজি দিনৰ ১১ বজাত আকস্মিক দুৰ্ঘটনাত এজন টেক্টৰ চালক মৃত্যু মুখত পৰাত অঞ্চলটোত শোকাবহ পৰিৱেশৰ সৃষ্টি হয়।
জানিব পৰা মতে AS07C 4818 নামৰ টেক্টৰ খন জালভাৰী ভকতবাৰীৰ গাঁৱৰ নাৰায়ণ কোঁৱৰ নামৰ যুৱকজনে মাটি পেলাই থকা সময়তে তলৰ মাটি কোমল হৈ থকাৰ ফলত ইঞ্জিন টোৱে হেঁচা মাৰি ধৰে।
ফলত যুৱকজনে অকালতে মৃত্যুক সাৱটি লবলগীয়া হয়।
পিছত ঢকুৱাখনা,সোণাৰি চাপৰি আৰক্ষী আৰু দণ্ডাধিকৰ উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।