ধেমাজী জিলাৰ জোনাইৰ মূৰ্কংচেলেক মিচিং কৃষ্টি কেবাং ভৱনৰ প্ৰাংগনত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত ,সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ধেমাজী সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা ১৫ দিনীয়া গুমৰাগ নৃত্য প্ৰশিক্ষণৰ আজি সমফ সামৰনি পৰে ৷
আজিৰ এই অনুষ্ঠানত ধেমাজী জিলা সাংস্কৃতিক কেন্দ্ৰৰ উন্নয়ন বিষয়া বিদ্যাধৰ দেউৰী , মিচিং দৃৰবৗ কেবাংৰ ( সাংস্কৃতিক সংঘৰ ) সাধাৰণ সম্পাদক সুৰুয পাতিৰি , উপ - সভাপতি পবিত্ৰ কুমাৰ পেগু , জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু , নবীন পাতিৰ আদিৰ ওপৰিও কেবাজনো জেষ্ঠ্য সংস্কৃতি প্ৰেমী ৰাইজ উপস্থিত থাকে ৷
গুমৰাগ নৃত্য প্ৰশিক্ষক দ্বয় যোগেশ চাৰহ আৰু ভানুপ্ৰিয়া মিৰিয়ে আতধৰা আজিৰ সামৰণি অনুষ্ঠানত মুঠ ১৩৫ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীতক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷
