মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত লক্ষ্মীমপুৰ জিলা প্ৰশাসন, সদৌ চুতীয়া জাতি
সন্মিলন অসম,চুতীয়া যুৱ সন্মিলন, সদৌ অসম চুতীয়া ছাত্র সন্থা, চুতীয়া জাতি মহিলা সন্মিলন অসমৰ
সহযোগত আৰু ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত
আজি বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী মিনতি বৰঠাকুৰলৈ প্ৰদান কৰা হৈছে বীৰাঙ্গনা সতী সাধনী বঁটা ২০২০
সতী সাধনী বঁটা প্ৰদান অনুষ্ঠানত বাৰেৰহনীয়া লোক সাংস্কৃতিক অনুষ্ঠানটো শুভ উদ্বোধন কৰে জনপ্ৰিয়
অভিনেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।
এই সন্মান লাভ কৰি শিক্ষাবিদ , সমাজকৰ্মী মিনতি বৰঠাকুৰে আগলৈ কাম কৰি যাবলৈ প্ৰেৰণা লাভ
কৰিছোঁ আৰু আগলৈ দুগুণ উৎসাহেৰে কাম কৰিবলৈ সক্ষম হম।
এই কাৰ্যসূচীতে বীৰাঙ্গনা নামৰ এখন আলোচনী উন্মোচন কৰা হয়
মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,কৃষি মন্ত্ৰী অতুল
বৰা, সাংস্কৃতিক মন্ত্ৰী নৱকুমাৰ দলে, লখিমপুৰ জিলাৰ সাংসদ প্ৰদান বৰুৱা, উপায়ুক্ত জীৱন বিৰ লগতে
চুতীয়া জাতিৰ বিষয় ববীয়া সকলৰ লগতে বহুতো গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।