উত্তৰ পূৰ্বাঞ্চলৰ বিখ্যাত বৈষ্ণৱ পীঠ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত নতুন বছৰৰ পহিলা দিনটোতে পুৱাৰে পৰা দেখা গৈছে ভক্ত দৰ্শনাথীৰ লানি নিছিগা ভীৰ।
১৬৫৬ চনতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি দামোদৰ দেৱৱৰ আতাৰ দিনতে ঢকুৱাখনাত সত্ৰখনি প্ৰতিষ্ঠা লাভ কৰিছিল।
বিশ্বজুৰি মহামাৰী কুভিডে সৃষ্টি কৰা সন্ত্ৰাসৰ মাজতে আজি ভৰি দিলে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন।
সেয়েহে আজি নতুন বছৰ প্ৰথমটো দিনতে নতুন সংকল্প মনত লৈ ঐতিহাসিক ঐতিহ্যমণ্ডিত বাসুদেৱ থান নৰোৱা সত্ৰৰ দৰ্শনৰ লগতে বছৰটো যাতে সুন্দৰ আৰু মংগলময় হওঁক তাৰে কামনা কৰি হাজাৰ হাজাৰ ভক্ত প্ৰাণ লোকে ধূপ, দীপ বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু উত্তৰ পাৰ বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পিছৰেপৰা সত্ৰখনত দূৰ দূৰণিৰ পৰা ভক্ত সকলে তুলনামূলকভাৱে ভীৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
সকলোৱে মনত এটাই আশা অনাগত দিনবোৰত সুখ আৰু সমৃদ্ধি হওঁক।