অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ঢকুৱাখনাত কংগ্ৰেছৰ চাইকেল ৰেলী।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে আজি ঢকুৱাখনাত ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত ঢকুৱাখনাৰ ৰাজীৱ ভৱনৰ পৰা চাইকেল ৰেলী বাহিৰ কৰে।
অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ঢকুৱাখনাত কংগ্ৰেছৰ চাইকেল ৰেলীত মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দিয়ে।
মূল্যবৃদ্ধি হ্ৰাস কৰা সলনি ৰন্ধন গেছ, পেট্ৰল, আলু, পিয়াঁজ আদিত আকাশ লংঘী মূল্য বৃদ্ধি পোৱাত ঢকুৱাখনা ব্লক কংগ্ৰেছে বিজেপি চৰকাৰক ধিক্কাৰ দিয়ে।