দ্বীপ জিলা মাজুলী জেংৰাইমূখ ৰাজীৱ গান্ধী খেল পথাৰত আজি টাকাম মিচিং পৰিণ কৌৱাং চমুকৈ টি.এম.পি.কে সোণালী জয়ন্তী বৰ্ষ ২০২১ ৰ তৃতীয় কাৰ্যসূচী লাইখুটা স্থাপন কৰে।
জেংৰাই মূখ ৰাজীৱ গান্ধী খেলপথাৰত অনুষ্টিত লাইখুটা স্থাপনৰ কাৰ্যসূচী মিচিং পৰম্পৰা নিয়ম অনুসৰি স্থাপন কৰে।
লাইখুটা স্থাপন অনুষ্ঠানত মিচিং বিহু কে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠান ৰূপায়িত কৰে।
লাইখুটা স্থাপন অনুষ্ঠানত টি.এম.পি.কে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া সকলৰ লগতে মাজুলীৰ মিচিং লোক সকলে অংশ গ্ৰহণ কৰে।