ধেমাজি জিলাৰ অন্তৰ্গত গোগামুখস্থিত সোৱণশিৰি মহাবিদ্যালয়ৰ বাকৰিত মহাবিদ্যালয়খনৰে গণিত বিভাগৰ অধ্যাপক দুষ্যন্ত নৰহ লিখা কৰ'নাৰ দিন লিপি কাব্য গ্ৰন্থখন উন্মোচন হয়।
এই কাব্য গ্ৰন্থৰ উন্মোচনৰ কাৰ্যসূচীত সভাপতিত্ব কৰে অধ্যক্ষ ড: ৰূপেশ্বৰ চেতিয়া।
কবি,সমালোচক, সোৱণশিৰি মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক দুষ্যন্ত নৰহৰ কাব্যগ্ৰন্থ "কৰণাৰ দিনলিপি" মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি ডা: বিদ্দেশ্বৰ দলেদেৱে উন্মোচন কৰে।গ্ৰন্থ উন্মোচনী সভাৰ উদ্বোধনী ভাষণ ৰাখে বহু ভাষিক সাহিত্য মঞ্চৰ প্ৰধান সম্পাদক, জ্যেষ্ঠ সাংবাদিক, চিন্তাশীল লেখক, সমালোচক দীপক শৰ্মাই।
কিন্তু কবি দুষ্যন্ত নৰহে সাম্প্ৰতিক সময়ৰ ঘটনা-পৰিঘটনা অৰ্থাৎ ২০২০ বৰ্ষৰ বিশ্বৰ বুকুত সৃষ্টি হোৱা কৰ'ণা কালৰ অভিশপ্ত দিনবোৰৰ এক ঐতিহাসিক দিন হিচাপে মানৱ সভ্যতাৰ বুকুত চিহ্নিত হোৱা প্ৰতিটো দিনৰ ঘটনা-পৰিঘটনাক কবিতাৰ মাধ্যমেৰে ধৰি ৰখাৰ প্ৰয়াস কৰিছে।
কৰ'ণাৰ দিনলিপি কাব্য গ্ৰন্থৰ সৃষ্টিকৰ্তা কবি দুষ্যন্ত নৰহে কবিৰ একাষাৰ কাৰ্যসূচীত কয় যে,অৰ্থনৈতিক ভাৱে দুৰ্বল হোৱা হেতুকে ম'বাইল এটা বৰ্তমান প্ৰযুক্তি বিদ্যাৰ যুগতো যোগাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।যত তেখেতৰ পত্নীয়ে চেকেণ্ডহেণ্ড ম'বাইল এখন যোগাৰ কৰি দিয়াত কৰ'ণাৰ দিনলিপি কাব্য গ্ৰন্থৰ সৃষ্টি হৈছে।
কবিৰ পঞ্চমখন গ্ৰন্থ আৰু দ্বিতীয়খন কাব্য গ্ৰন্থ অসম আৰু অসমীয়াৰ আৱেগ "কা" ৰ প্ৰেক্ষাপটত সৃষ্টি হোৱা "ককাইদেউ সমীপেষু" কাব্য গ্ৰন্থখন পঢ়ুৱৈ সমাজৰ বিপুল সহাৰি লাভ কৰাৰ পিছত কৰ'ণাৰ দিনলিপি কাব্য গ্ৰন্থখন আজি উন্মোচন কৰি কবিগৰাকীয়ে সকলো পক্ষৰ পৰা সহায়-সহযোগিতা কামনা কৰে লগতে বৰ্তমান ধেমাজিত অনুষ্ঠিত হৈ থকা গ্ৰন্থ মেলাৰ বিভিন্ন গ্ৰন্থ বিপনীত কৰ'ণাৰ দিনলিপি গ্ৰন্থখন উপলব্ধ হব বুলি জানিব দিয়ে।