অসম ভৈয়াম জনজাতি উন্নয়ন পৰিষদৰ উদ্যোগত তথা জোনাই ৰয়েল ৰাইৰ্দাচৰ সহযোগত অনুষ্ঠিত জোনাই শিশু উদ্যান থলী যোৱা কালি নানা জাতি - জনগোষ্ঠীৰ মিলন ভূমিত পৰিনত হয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ জনজাতি মহোৎসৱৰ সফল সামৰনি হয় ৷
যোৱা কালিৰ বিভিন্ন কাৰ্যসূচীৰ লগতে সন্ধিয়াৰ জনজাতীয় পৰম্পৰাত সাজপাৰ প্ৰতিযোগিতা উদ্বোধন কৰে MAC ৰ EM নৰেশ কুম্বাঙে ৷ বিশিষ্ট্য অতিথি হিচাপে উপস্থিত থাকে জোনাই জিলা ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক পদ্মেশ্বৰ দলেয়ে ৷ সাস্কৃতিক সন্ধিয়া উদ্বোধন কৰে জোনাই ৰয়েল ৰাইৰ্দাচৰ সভাপতি ডা° জ্যোতিষ দলেই ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত - নৃত্যৰ ওপৰিও GOMUG Music Band ৰ শিল্পী সকলে গীত পৰিবেশন কৰে ৷