উত্তৰ - পূব ভাৰতৰ আবতানীৰ বংশধৰ সকলে উৎপত্তি কালৰে পৰা সৰ্বশক্তিমান সৰ্বব্যাপ্তি হিচাপে দঃঞি পঃল বা সূৰ্য্য - চন্দ্ৰক গণ্য কৰি পূজা - পাৰ্বন , মাংগলিক কাৰ্য্য ইত্যাদি সমাপন কৰি আহিছে ৷ যদিও সু - সংগঠিত ৰূপত কোনো উমৈহতীয়া মঞ্চ নথকাৰ বাবে এই ধৰ্মৰ বহল প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাছিল ৷ তেনেসময়তে অৰুণাচল প্ৰদেশৰ বাসিন্দা মহাপুৰুষ তালম ৰুক্বঃৰ নেতৃত্বত ১৯৮৬ চনৰ ৩১ ডিচেম্বৰত দঃঞি পঃল য়েলাম কেবাং ধৰ্মীয় সংস্হাৰ প্ৰতিষ্ঠা হয় ৷ সেইদিন ধৰি গাংগিং বা প্ৰাৰ্থনা গৃহত প্ৰতি শনিবাৰে প্ৰাৰ্থনা কৰাৰ ওপৰিও দঃঞি পঃল য়েলাম বা ধৰ্ম প্ৰচাৰৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷
দঃঞি পঃল য়েলাম কেবাঙৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জ'নাই চাৰ্কুল দঃঞি পঃল ধৰ্মীয় সংস্হা আৰু য়ুট ব্ৰিগেদৰ উদ্যোগত জ'নাই ঐৰামঘাটৰ পৰা তেলাম চিকেৰ গাৱঁলৈ বিভিন্ন শ্লোগান দি এক বৃহৎ বাইক ৰেলী ওলোৱা হয় ৷
এই কাৰ্যসূচীত জ'নাই চাৰ্কুল দঃঞি পঃল ধৰ্মীয় সংস্হা আৰু য়ুট ব্ৰিগেদৰ সভাপতি - সম্পাদক ক্ৰমে গোপাল চন্দ্ৰ দলে , অনিল টাইদ ; সৰ্বেশ্বৰ নৰহ , অজয় দলেৰ ওপৰিও কেবাখনো সৰু বৰ গাড়ী আৰু প্ৰায় শতাধিক বাইৰ্কাচে অংশগ্ৰহণ কৰে ৷