অসমৰ দ্বিতীয় বৃহত্তম মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন TMPK ৰ সোণালী জয়ন্তী বৰ্ষ ২০২১ ৰ দ্বিতীয় কাৰ্যসূচী ৰূপায়ণৰ হেতু আজি মাতমৰাত লাইখুটা স্থাপন কৰা হয়
মাংগলিক ৰীতি - নীতি মাজেৰে লাইখুটা স্থাপনৰ কাৰ্যসূচীত বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে মাতমৰাত অহা ৩০ আৰু ৩১ জানুৱাৰী ২০২১ ত দুদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ আয়োজন কৰা হৈছে।
মাতমৰাত টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতিও তুংগত উঠিছে।
প্ৰায় ৫০ হাজাৰো অধিক ব্যক্তিক অপ্যায়ন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।