জোনাইৰ বিভিন্ন মিচিং গাৱঁ সমূহত পঃৰাগ উৎসৱ উদযাপন ; আনফালে আগন্তুক নিৰ্বাচনৰ গৰম বতাহ ৷ এতিয়া ৰাজনৈতিক নেতাসকল উৎসৱে উৎসৱে - সাধাৰণ ৰাইজৰ গাৱেঁ গাৱেঁ ; ঘৰে ঘৰে ৷
আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ডা° হেমহৰী প্ৰসন্ন পেগুৱে জোনাই সমষ্টিৰ কেমি - জেলম , চিলে , বাহিৰ জোনাই আৰু জোনাই বজাৰ গাৱঁ পঞ্চায়তৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলায় ৷ প্ৰাক্তন গনশক্তিৰ বিধায়ক ন বিজেপি ভূৱন পেগুৰ গাঠিত ৰাইজৰ বিপুল সমৰ্থনেৰে প্ৰচাৰ চলায় INC ৰ ডা° হেমহৰী প্ৰসন্ন পেগুৱে বিজেপিৰ প্ৰাৰ্থী জনৰ গাঠিট মূক্ষম আঘাট সনা বুলি ৰাইজৰ মাজত সৰব চৰ্চা হৈছে ৷
এফালে যোৱা দুদিন আগতে ন বিজেপি প্ৰাৰ্থী ভূৱন পেগুৰ অনুপস্থিত তেখেতৰ পত্নীয়ে তেলামৰ জামজিং গাৱঁৰ পঃৰাগ উৎসৱত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায় ৷
এইবাৰৰ জোনাই বিধান সভাৰ নিৰ্বাচনী প্ৰচাৰত INC ৰ প্ৰাৰ্থী ডা° হেমহৰী প্ৰসন্ন পেগু আগবাঢ়ি থকা বুলি ৰাইজে অনুমান কৰিছে ৷
