বানবিধ্বস্ত জোনাই মহকুমাত পাহাৰীয়া খৰস্ৰোতা চিয়াং নদীৰ গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ জোনাই মহকুমাৰ কাম্পুং চৰাইবাৰী, জীয়াধল, মুদৈ, দেবেৰা, মাছখোৱা, গালীঘাট, চৰাইবাৰী আদি গাঁৱৰ বিস্তীৰ্ণ সেউজীয়া খেতিপথাৰৰ লগতে বহু পৰিয়ালৰ ঘৰ-বাৰী চিয়াং নদীৰ খহনীয়াত চপৰা চপৰে নদীৰ বুকুত জাহ গৈছে। বানপানীয়ে জুৰুলা কৰা অঞ্চলটোত বানপানী হ্ৰাস হোৱাৰ পিছত চিয়াং নদীৰ খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। শ শ বিঘা সেউজীয়া কৃষিভূমি চকুৰ সন্মুখতে নদীৰ বুকুত জাহ যোৱাত কৃষক ৰাইজে অন্ধকাৰ ভৱিষ্যতৰ প্ৰমাদ গণিব লগা লৈছে। তদুপৰি কৃষক ৰাইজে চৰকাৰ তথা জলসম্পদ বিভাগে সময়মতে বান-খহনীয়া প্ৰতিৰোধৰ বাবে আঁচনি ৰূপায়ণ কৰিলে খহনীয়া প্ৰতিৰোধ কৰিব পাৰিলে হৈ বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সংশ্লিষ্ট বিভাগৰ অবহেলাক চোকা সমালোচনা কৰি ধ্বিকাৰ দিছে।
ইপিনে উপায়হীন কৃষক ৰাইজে নদীৰ পাৰত সমবেত হৈ চিয়াং নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদী কৃষক ৰাইজে গৰা খহনীয়া ৰোধ কৰক, জলসম্পদ মন্ত্ৰী পীয়ুজ হাজৰিকা হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে। তদুপৰি কৃষক ৰাইজে বিজ্ঞানসন্মত আচঁনি গ্ৰহণ কৰি চিয়াং নদীৰ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰ তথা জলসম্পদ বিভাগৰ ওচৰত দাবী জনাইছে ।