নিমাতীঘাটৰ নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা ডঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ।
ডঃ বিক্ৰমজিৎ বৰুৱা আছিল মাজুলী গড়মূৰ পিতাম্বৰদেৱ গোস্বামী চিকিৎসালয়ৰ চিকিৎসক।
ইতিমধ্যে বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱা পিছত ভেকেলী চাপৰিৰ পৰা এছ.দি.আৰ. এফৰ বাহিনীয়ে নিমাতীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে ।
বিক্ৰমজিৎ বৰুৱাৰ নিমাতী ফেৰী দূৰ্ঘটনাত নিৰুদ্দেশ হৈ আছিল। ফেৰী দূৰঘটনাৰ ৬ দিনৰ পিছত মাজুলী ভেকুলী চাপৰিত উদ্ধাৰ হয় মৃতদেহটো।
পিন্ধনত এটা কলা টি ছাৰ্ত আৰু জিনচ পৰিহিত উদ্ধাৰ হোৱা লোক জন ডঃ বিক্ৰমজিৎ বৰুৱা বুলি জানিব পৰা গৈছে ।
শেহতীয়া খবৰ মতে বিক্ৰমজিৎ বৰুৱাৰ বেগতো উদ্ধাৰ হৈছে বিশ্বনাথত ।