জোনাই মহকুমাৰ অন্তৰ্গত ৰায়াং বিজয়পুৰ গাঁৱ পঞ্চায়তৰ প্ৰাংগনত আজি তাৰি ৰদং আঞ্চলিক সমিতিৰ ছয়টা সংগঠনৰ অধিৱেশন সম্পন্ন ।
ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত ৰায়াং বিজয়পুৰ গাঁৱ পঞ্চায়তৰ প্ৰাংগনত মিছিং জনগোষ্ঠীৰ
শক্তিশালী পিতৃ স্বৰূপ জাতীয় সংগঠন মিছিং বানে কেবাঙ, মিছিং দৃৰবৃ কেবাঙ, মিছিং আগম কেবাঙ
আৰু টাকাম মিছিং পৰিন কেবাঙ, মিছিং মিমাগ কেবাঙ লগতে টাকাম মিছিং মিমৌ কেবাঙৰ সাধাৰণ
অধিৱেশন এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন হয় ।
উক্ত অধিৱেশনত প্ৰতিখন গাঁৱৰ পৰা 30 গৰাকীকৈ সৰ্বমুঠ 600 ৰো অধিক প্ৰতিনিধিৰ উপস্থিতিত এই অনুষ্ঠান সম্পন্ন হয় ।
উল্লেখযোগ্য যে আজিৰ সভাৰমূল উদ্দ্যেশ্য হিচাপে ঐক্য, শান্তি আৰু সম্প্ৰীতিক লৈ ছয় সংগঠনে যাতে মিছিং সমাজৰ হকে একেলগে কাম কৰিব পাৰে ইয়াক লৈও বিশদভাৱে আলোচনা কৰা হৈছে বুলি জনায় ।


