ঢকুৱাখনা মহকুমাৰ ঘিলামৰা থানাৰ অন্তৰ্গত চুমনি গাঁৱৰ বগীৰাম মেদক নামৰ যুৱক আজি দুসপ্তাহে নিৰুদেশ হৈ আছে।
যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা যুৱকজন নিৰুদেশ হোৱাত পৰিয়াল তথা আত্মীয় স্বজনে বিভিন্ন ঠাইত বিচাৰি হাবাথুৰি খাইছে যদিও এতিয়াও পোৱা নাই।
যাৰ ফলত যুৱকজনৰ মাতৃয়ে কান্দোনত ভাগি পৰিছে।
কোনো সদাশয় লোকে যুৱকজনৰ সন্ধান পায় তেতিয়া হলে 9101283899,967831681,7086205671 নম্বৰত যোগাযোগ কৰিবলৈ খুড়াক তথা দল সংগঠনে অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ জনাইছে।
