TMPK তাঃক গিটুং বাতাক কেবাঙৰ উদ্দ্যোগত আৰু তাঃক গিটুং য়ামে-মৃমবৃৰৰ সৌজন্যত আজি তাঃক গিটুং মুৰং অকুম প্ৰাংগনত এক মহীয়া গোমৰাগ প্ৰশিক্ষণ আৰু ঢোল বজোৱা প্ৰশিক্ষণ শুভাৰম্ভ ।
আজিৰ যুৱক-যুৱতি ভৱিষ্যতৰ এক নাগৰিক, এই এই উদ্দ্যেশ্যৰে TMPK তাঃক গিটুং বাতাক কেবাঙৰ উদ্দ্যোগত আৰু তাঃক গিটুং য়ামে-মৃমবৃৰৰ সৌজন্যত তাঃক গিটুং মুৰং অকুমৰ প্ৰাংগনত এক মহীয়া গোমৰাগ চঃমানৰ প্ৰশিক্ষণ আৰু ঢোল বজোৱা প্ৰশিক্ষণ আজি মিছিং আগম কেবাং লাইমেকুৰী আঞ্চলিক সমিতিৰ সভাপতি অনিল টাইদে শুভাৰম্ভ কৰে ।
যি সময়ত যুৱ প্ৰজন্নই PUB G, FREE FIRE ৰ দৰে Video Game সমুহত প্ৰাধান্য দি মগজুৰ লগতে সময় নষ্ট কৰিছে এই সময়তে TMPK তাঃক গিটুং বাতাক কেবাঙৰ উদ্দ্যোগত আৰু তাঃক গিটুং গাৱৰ নীলকান্ত টাইদ নামৰ যুৱকজনৰ নেতৃত্বত মিছিং সমাজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি নজৰ ৰাখি বিশ্যানাথ চাৰহ আৰু লক্ষী বঢ়িক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ জনাই এক মহীয়া গোমৰাগ প্ৰশিক্ষণ আৰু ঢোল বজোৱা প্ৰশিক্ষণৰ কৰ্মশালা আজি শুভাৰম্ভ কৰে ।
উক্ত শুভাৰম্ভ অনুষ্ঠানত মিছিং দৃৰবৃ কেবাঙ লাইমেকুৰী আঞ্চলিক সমিতিৰ সভাপতি বিজু দলে মিছিং বানে কেবাঙ লাইমেকুৰী আঞ্চলিক সমিতিৰ সম্পাদক কলেশ্বৰ কুলি, TMPK জোনাই জিলা সমিতিৰ কেমৰাজ লাগাছু, মিছিং দৃৰবৃ কেবাঙ লাইমেকুৰী আঞ্চলিক সমিতিৰ সম্পাদক দিপক দলে, মিছিং ফ্লিমৰ বঁটা প্ৰাপ্ত ৰাজীৱ বঢ়ি আৰু বহু গন্য মান্য ব্যক্তিয়ে উপস্থিত থাকে ।

