লাইমেকুৰী মাজুলীপুৰ আদৰ্শ বিদ্যালয়ত লটাৰী জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়াৰ তীব্র বিৰোধিতা কৰিছে জোনাই মহকুমাৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে।
লাইমেকুৰী মাজুলীপুৰ আদৰ্শ বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ মুঠ ৮০ খন আসনৰ ব্যৱস্থা আছে।সেইধৰণে ষষ্ঠ শ্ৰেণীত মুঠ ৮০ আসন আছে শিক্ষাৰ্থী সকলৰ নামভৰ্তিৰ বাবে।
কিন্তু বিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ প্ৰবেশ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ খামখেয়ালীৰে মাত্ৰ কেইজনমান ছাত্ৰছাত্ৰীৰ মাজত লটাৰী পদ্ধতিৰে এটা শ্ৰেণীত ৮০ জনকৈ মুঠ ১৬০ জন ছাত্ৰছাত্ৰীক নামভৰ্তি তালিকা ঘোষণা কৰে ৷
যাৰ ফলত স্থানীয় ৰাইজ তথা দুখীয়া কৃষক ৰাইজে ক্ষোভিত হয় পৰিছে৷ লটাৰী যোগে বাচনি কৰা প্ৰক্ৰিয়াৰ ফলত একাংশ অৰ্থবান পৰিয়াল আৰু দূৰৰৈ ছাত্ৰৰ নাম বাচনিত উঠাত ৰাইজ ক্ষোভিত হয় পৰে আৰু আজি এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷ শুক্ৰবাৰে লাইমেকুৰী উঃ মাঃ বিদ্যালয় খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি স্থানীয় ও দুখীয়া ছাত্ৰছাত্ৰীক বঞ্চিত কৰা কাৰ্য্যক ৰাইজে গৰিহণা দিছে ৷

