Share on Facebook

সমগ্র নামনি অসমক লৈ বঙাইগাঁও ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমবায় বেংক মুকলি

 মাত্ৰ চাৰিজন সদস্য ৰে বিগত ১৯৩০ইং চনত গঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলেৱৰ এতিয়া সমগ্র আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। 



এনে এক সন্ধিক্ষণত শ্ৰীমন্ত শংকৰদেৱ সংঘই বিভিন্ন বহুমুখী দৃষ্টিভংগী গ্ৰহণ কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ অৰ্থে এক সংস্থাপন মূলক আৰু ইয়াৰ সংগীসকলৰ আৰ্থিক বিকাশ ৰ প্ৰতি লক্ষ্য ৰাখি মুলতঃ উক্ত আধাত্মিকতা ভৰা অনুষ্ঠান টোৱে "শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰীফট এণ্ড ক্ৰেডিট কোঅপাৰিটিভ চচাঁইটি লিমিটেড"  নামৰ সমবায় ভিত্তিত চৰকাৰী অনুমোদিত অৰ্থাৎ ৰিজাৰ্ভ বেংক   ৰ নজৰত থকা এক সঞ্চয় ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। আৰু উক্ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ সঞ্চয় ভাণ্ডাৰ তোৰ নামনি অসম ভিত্তিত এক উপ কাৰ্যবাহী বঙাইগাঁও শাখা কাৰ্যালয়টো আজি উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ শ্ৰীযুত কমলাকান্ত গগৈ বাপ গৰাকীয়ে । 



আৰু বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও অঞ্চলৰ দোলাইগাঁও প্ৰাথমিক শাখা নামঘৰত উক্ত কাৰ্য্যালয়টো মুকলি কৰাৰ পিছতেই "শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰীফট এণ্ড ক্ৰেডিট কো অপৰিটিভ চচাইটি লিমিটেডৰ "সভাপতি শ্ৰীযুত হৰেন্দ্ৰ বৰা ববাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক মুকলি সভা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক শ্ৰীযুত বাবুল বৰা বাপ গৰাকীয়ে আৰু উক্ত সভাত মুখ্য অতিথি , সন্মানীয় অতিথি ,বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি উক্ত সঞ্চয় ভাণ্ডাৰ অৰ্থাৎ নৱগঠিত বেংকটোৰ  সন্দৰ্ভত বিভিন্ন দিশ ত গঠন মূলক আলোকপাত কৰি সাৰুৱা ভাষণ দিয়ে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ বাপ, সংঘৰ মূখ্য উপদেষ্টা শ্ৰীযুত ভবেন্দ্ৰ নাথ ডেকা বাপ,সংঘৰ যুটীয়া সম্পাদক ড: শ্ৰীযুত দুৰ্লভ পাঠক বাপ, বেংকটোৰ সঞ্চালক শ্ৰীযুত কুশল ঠাকুৰীয়া বাপ ,সংঘৰ সেৱা বাহিনীৰ মুখ্য অধিনায়ক শ্ৰীযুত তপন কুমাৰ ৰায় বাপ, বেংক টোৰ পৰিচালন সঞ্চালক শ্ৰীমতী মমতা বৰকাকতী আই ,সংঘৰ নাম ধৰ্ম আলোচনী সম্পাদক  ডঃ জগত চন্দ্ৰ কলিতা , কেন্দ্ৰীয় "মূলৰ সদস্য" কেন্দ্ৰীয় সদস্য শ্ৰীযুত  ভবেশ্বৰ ৰায় বাপ ,জিলা সভাপতি অতুল চৰণ দাস বাপ, জিলা সম্পাদক অজিত চৌধুৰী ,কোকৰাঝাৰ জিলা সভাপতি শ্ৰীযুত  নিৰেন চন্দ্ৰ ৰায় বাপ আদিয়ে ।ইয়াৰ আগতে ৰাতিপুৱা পৰিবেশ নিকাকৰণ কৰে বঙাইগাঁও জিলা সেৱাবাহিনী ,জিলাখনৰ অনিল পাঠক প্ৰাথমিক শাখাৰ প্ৰাক্তন সম্পাদক শ্ৰীযুত বীৰেশ্বৰ বৰ্মন বাপৰ নামাচার্য ৰ অধীনত নাম-প্ৰসংগঃ অনুষ্ঠিত হয় মুকলি সভাত দোলাইগাঁও প্ৰাথমিক শাখাৰ উদ্যোগত ভোৰতাল নৃত্য আৰু বৰগীত অনুষ্ঠিত কৰে , সন্ধিয়া বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্যসূচী সামৰণি পৰে।

নামনী অসম ব্যুৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস , মিচিং লুতাদ

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم