অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিছিং জনগোষ্ঠীৰ জাতীয় সংগঠন TMPK/MMK/TMMK/MBK/MDK/MAK টেলাম আঞ্চলিক সমিতিৰ দ্বী-বাৰ্ষিক সাধাৰণ অধিৱেশন টেলাম দৃৰবৃ অকুম লত্তাত আজি অনুষ্ঠিত হয় ।
উক্ত অধিৱেশনত পূৱা ৭.০০ বজাত চাফাই অভিযান চলোৱাৰ লগতে ৭.৩০ বজাত মছন দলেৰ উদ্দ্যোগত বৃক্ষৰোপণ কাৰ্যসুচী সম্পন্ন হয় ।
ইয়াৰ পিছত ছয়টা সংগঠন ক্ৰমে TMPK/MMK/TMMK/MBK/MDK/MAK ৰ সভাপতি সকলে পতাকা উত্তোলন কৰে ।
উক্ত পতাকা উত্তোলন কৰাৰ পিছত মিছিং জাতিৰ স্বহীদ বগা মেদক, নৰেশ টাইদ আৰু অজ্ঞনা পেগুক সোৱৰি স্বহীদ তৰ্পণ কৰে বিশিষ্ট সমাজকৰ্মী জহৰলাল মৰাঙে ।
লগতে আগন্তুক জাতীয় সংগঠনৰ কৰণীয় কামসমুহ আজিৰ সভাত সিন্ধান্ত লয় সতথাৰে পালন কৰাৰ আশ্বা দিয়ে সংগঠনটোৰ কৰ্মীসকলে ।