অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অয়ানত যোৱা ২৫ অক্টোবৰ তাৰিখে সংঘটিতহোৱা ভয়ংকৰ পথ
দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হৈ ১১ গৰাকী Dibrugarh ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু HM
Hospital ত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত ৯ জন সুস্থ হৈ Release দিয়া হৈছিল ।
চিকিৎসাধীন হৈ থকা দুগৰাকী মহিলাক Adi Mising Porin Kébang আৰু Takam Mising Poring Kébang ৰ এক সজাতি
দলে বিভিন্ন খাদ্য সামগ্ৰী লৈ পৰিদৰ্শন কৰি বিতৰণ কৰে । Hospital সমুহত পৰিদৰ্শন কৰি জোনাই জিলা
সমিতিৰ মোহিম পাৱই কয় যে বৰ্তমানো দুগৰাকী মহিলাক উন্নত চিকিৎসাৰ প্ৰয়োজন সেইবাবে সৰ্বশান্ত মহিলা দুগৰাকীক উন্নত চিকিৎসা কৰি অনতিপলমে ক্ষতিপুৰন দিবলৈ দাবী জনায় ।
লগতে এই পৰিদৰ্শনত আদি মিছিং পৰিন কেবাঙৰ সম্পাদক তাবি গাৱ, টাকাম মিছিং পৰিন
কেবাঙজোনাই জিলা সমিতিৰ মোহিম পাৱ, TMPK তাৰি ৰদং আঞ্চলিক সমিতিৰ সম্পাদক পংকজ পেগু, আৰু সমাজকৰ্মী সৰিশ নৰহ উপস্থিত থাকে ।