জোনাই আঞ্চলিক অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনখনি দেওবাৰে
নিজা আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ৷
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পোৱা মূৰ্কংচেলেক গাৱঁৰ জেষ্ঠ্য ব্যক্তি ৰবি কোম্বাঙৰ ( KUMBANG ) দ্বাৰা
বৃক্ষ ৰোপণৰ পিছত পতাকা উত্তোলন কৰে জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা আৰু শ্বহীদ তৰ্পন কৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিব্যজ্যোতি কোৱৰে ৷
অধিৱেশনত জোনাইৰ কেবাজনো বিশিষ্ট ব্যক্তি সৰ্ম্বধনা জনোৱাৰ পিছতে সভাপতি খগেন ডেকাই
সভাপতিত্ব কৰা কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয় ববীয়াৰ উপস্থিতিৰ আজিৰ প্ৰতিনিধি সভাত পুৰণা
সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়৷ AJYCP জোনাই আঞ্চলিক সমিতিৰ নতুন সমিতিত
খগেন ডেকাক সভাপতি আৰু ৰত্নেশ্বৰ মিৰিক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখনি পুৰ্ণাংগ
সমিতি গঠন কৰে৷ আজিৰ সভাত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই,
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নীল গগৈ, জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সাধাৰণ সম্পাদক বিষ্ণু শমা,জিলা
সমিতিৰ বিষয়ববীয়াকে ধৰি জিলাৰ বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক
অংশগ্ৰহণ কৰে।
সভাৰ অন্তত AJYCP ৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইৰ নেতৃত্বত এটি
সজাতি দলে ধেমাজি জিলাৰ একমাত্ৰ বাছি থকা বনাঞ্চল বৰ্ষাৰণ্য পবা পৰিদৰ্শন কৰি শীঘ্ৰে পবা
বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই ৷
আনফালে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰাজহুৱা নকৰা পৰ্যন্ত জলবোমা সদৃশ NHPC য়ে
গেৰুকামুখত নিৰ্মাণ কৰি থকা বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ দাবী জনোৱাৰ ওপৰিও বৃহৎ নদীবান্ধ
নিৰ্মাণৰ বিৰোধী কৰি বৰ্তমানে মন্ত্ৰী - বিধায়ক হোৱা নেতা সকলৰ লগতে চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷