অসমৰ চুকে কোণে সকলোতে ধাননি পথাৰত চাকি জ্বলাই পদুলিৰ মূৰত তুলসীৰ তলত চাকি বন্তি জ্বলাই আনন্দ উল্লাসৰ মাজত পালন কৰিছে বাপতি সাহোন কাতি বিহু।
পিছে বিহালীৰ বহু কেইখন গাঁৱত নাই বিহুৰ উল্লাস আনন্দ।
বিহালীত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ ফলত শ শ বিঘা ধাননি পথাৰ খাই গছকি তহিলং কৰিলে ৪০ ৫০ জনীয়া হাতীৰ জাকে ।
দৈনিক কাজিৰঙাৰ ষষ্ঠ সংযোজন আৰু বিহালী বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে খাই গছকি তহিলং কৰিলে ধাননি পথাৰ।
যাৰ বাবে কপালৰ ঘাম মাটি কৰি কৰা খেতি নষ্ট হোৱাত মূৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি
হৈছে। বিহালীৰ ৰাংচালী, ডেকেৰা পথাৰ, নাচবৰ, ৰৌমাৰী, বতিয়ামাৰিকে আদি কৰি বহু কেইখন গাৱঁৰ
ৰাইজৰ মাজত নাই কাতি বিহুৰ উছাহ উদ্দীপনা।
কাতি বিহুত পথাৰত চাকি জ্বলোৱাৰ পৰিবৰ্তে খালি পথাৰ চাই চকু পানী টুকি ঘুৰি আহিব লগীয়া হৈছে।