ভাৰত ৰাষ্ট্ৰৰ একেটা সীমা ত অৱস্থিত চুবুৰীয়া বন্ধুৰাষ্ট্র বাংলাদেশত শেহতীয়াকৈ যোৱা কেইবাদিনো ধৰি
মুছলিম মৌলবাদী বিদ্ৰোহী উগ্ৰপন্থী সংগঠন ৰ উদ্যোগত তাত বসবাস কৰি থকা শ শ হিন্দু পৰিয়ালৰ
ওপৰত আক্ৰমণ চলাই নাৰকীয় হত্যা যজ্ঞ ,ঘৰ দুৱাৰ ত অগ্নিসংযোগ কৰাৰ লগতে বিভিন্ন মধ মন্দিৰ
তথা দেৱ দেৱীৰ মূৰ্তি ভাঙি ছিঙি গোষ্ঠীগোত সংঘৰ্ষ চলোৱাৰ বিৰুদ্ধে আজি সদৌ অসম গৰিয়া মৰীয়া
দেশী জাতীয় পৰিষদে সমগ্র ৰাজ্যজুৰি আহ্বান জনোৱা আন্দোলনৰ কাৰ্য্যসূচী ৰ প্ৰতি সঁহাৰি জনাই
নামনি অসমতো সংগঠন তোৰ প্ৰতিটো জিলা সমিতিয়ে ব্যাপক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ
কৰে।প্ৰাপ্ত বাতৰি মতে, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰঃ বাংলাদেশত শ শ হিন্দু পৰিয়ালৰ ওপৰত মুছলিম
মৌলবাদী বিদ্ৰোহী উগ্ৰপন্থী সংগঠনে আক্ৰমণ চলাই নাৰকীয় হত্যাকাণ্ড চলোৱাৰ প্ৰতিবাদ ত ইতিমধ্যে
সমগ্র ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য ত তীব্ৰ প্ৰতিবাদী আন্দোলন চলাই অহাৰ মূলতঃ অসমতো বিভিন্ন দল
সংগঠনে প্ৰতিবাদী আন্দোলন চলাই আহিছে আৰু ইয়াৰে আলম লৈ আজি সদৌ অসম গৰীয়া মৰীয়া
দেশী জাতীয় পৰিষদে সমগ্র ৰাজ্য জুৰি এক প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে সেইমতে নামনি
অসমতো বৰপেটা, চিৰাং, বাক্সা,কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা সমূহৰ
লগতে বঙাইগাঁও জিলাটো এই প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী পালন কৰাৰ বাতৰি পোৱা গৈছে।ইফালে
আজি দুপৰীয়া সংগঠনতোৰ বঙাইগাঁও জিলা সমিতিয়ে জিলা খনৰ ছিদলসুঁতি ৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
অৱৰোধ কৰি বিভিন্ন প্ৰতিবাদী শ্লোগান দি আন্দোলনৰ কাৰ্যসূচী পালন কৰে প্ৰায় ২ ঘণ্টা এই অৱৰোধ
কাৰ্যসূচী পালন কৰাৰ ফলত প্ৰায় শ শ যান বাহন আৱদ্ধ হৈ পৰে ।এই ঘটনাত স্থানীয় আৰক্ষী বাহিনী
উপস্থিত হৈ আলোচনাৰ মাধ্যমত আন্দোলনৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ফলত এই ঘ্টনাই তীব্ৰ
প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য ৰ সৃষ্টি কৰা বুলি বাতৰিটোত প্ৰকাশ।