Share on Facebook

জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীৰ পৰিদৰ্শন/ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ দাবী

 সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ ,মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী আৰু সাংগঠনিক সম্পাদক মণ্টুৰাজ বৰুৱাই আজি জোনাই মহকুমাৰ ঐতিহ্যমণ্ডিত ৰাজাখানা পুখুৰী পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়।  জোনাইত উপস্থিত হোৱা ছাত্ৰ নেতা কেইজনক জোনাই মহকুমা ছাত্র সন্থাই এখনি মিচিং চোলা আৰু ঐৰকেৰে  উষ্ম সম্বৰ্ধনা জনোৱাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্য নিৰ্বাহক সদস্য ৰাজীৱ গগৈ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাৰ লগতে জোনাই আঞ্চলিক আছুৰ এক সাজাতি দলে পৰিদৰ্শন কৰে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জোনাই মহকুমাৰ ৰজাখানা পঞ্চায়তত অৱস্থিত ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰী৷




 পৰিদৰ্শন কৰি ছাত্র নেতাগৰাকীয়ে কয়  জনশ্রুতিমতে, ‘আৰিমত্ত’ নামৰ এজন ৰজাই এই বৃহৎ পুখুৰীটো খন্দাইছিল। এই বৃহৎ তথা মৃতপ্রায় পুখুৰীটো আয়তাকাৰ আৰু দীঘলে উত্তৰা দক্ষিণাকৈ ৫০০ মিটাৰ আৰু বহলে পূব-পশ্চিমমুৱাকৈ ৪০০ মিটাৰ দৈর্ঘ্য। পুখুৰীটোৰ পাৰবোৰ এতিয়াও ১০-১৫ মিটাৰলৈ উচ্চতাত দেখিবলৈ পোৱা যায়। পুখুৰীটোৰ দক্ষিণ পশ্চিম ফালে আজিও কিছুমান দম হৈ পৰা আৰু মাটিৰ তলত পোত খাই থকা মধ্যযুগীয় ইটা দেখা যায়। উল্লেখনীয় যে তাত প্রায় তিনিফুট উচ্চতাৰ শিলৰ টুকুৰাত অতি সুন্দৰকৈ খুন্দিত মানুহ, নানা জীৱ-জন্তুৰ ছবি দেখিবলৈ পোৱা গৈছিল। ১৯৫০ চনৰ বৰভুঁইকঁপত ইয়াৰ ঘৰ, অট্টালিকাবোৰ ভাঙি ছিন্ন-বিচ্ছিন্ন হৈ পৰে। স্থানীয় ৰাইজৰ মতে আজিও পুখুৰীটোৰ পাৰত মাটিৰ তলত বহু মধ্যযুগীয় ইটা, নানান প্রাচীন কীৰ্তিচিহ্নৰ ভগ্নাৱশেষ সমাধিস্থিত হৈ আছে। অঞ্চলটো এসময়ত জনশূন্য আৰু ঘন অৰণ্যৰে ভৰা আছিল। ১৯৫৬ চনৰ পৰা এই অঞ্চলত লাহে লাহে মানুহৰ বসতি আৰম্ভ হয়। প্রথমে হাতী ধৰা কাম এই অঞ্চলত চলিব ধৰিলে। এই বৃহৎ পুখুৰীত হাতীযে জুমপাতি গা ধুইছিল৷ ডাঙৰ ডাঙৰ হাতীবোৰে পুখুৰীৰ গভীৰতাক ঢুকি নেপাই সাঁতুৰিব লগাত পৰিছিল। তদুপৰি পুখুৰীৰ পানী ভাগত এখন কাঠৰ নাও দেখা পোৱা গৈছিল। বয়্যেজ্যেষ্ঠসকলে কোৱামতে– ১৯৮২ চনৰ ভাদমাহত চুবুৰীয়া অৰুণাচল প্ৰদেশত পাহাৰ ভাঙি অহা এক প্রবল বানপানীৰ সোঁতে এই পুখুৰীৰ পাৰ ভাঙি পুখুৰীটোৰ মাজত এটা উপনদীৰূপে বৈ যায়। 



বর্তমানেও বৃহৎ পুখুৰীটোৰ মাজেৰে বৈ থকা উপ নৈখনক ‘ৰজাখানা নৈ’ নামে জনা যায়। প্রবাদমতে পাহাৰৰ পানীৰ প্ৰবল সোঁতৰ হেঁচাত পুখুৰীটোৰ উত্তৰ পাৰ ভাঙি পুখুৰীত পানীৰ প্ৰৱেশ ঘটে আৰু পিচত এক প্রকাণ্ড বিস্ফোৰণেৰে দক্ষিণ পাৰ ভাঙি পানী ওলাই যায়। দিনৰ প্ৰায় ডেৰ-দুই বজাত, এক প্রকাণ্ড বিস্ফোৰণৰ পিচমুহূর্ততে ওলাই অহা প্ৰকাণ্ড ধলত মুহূৰ্তৰ ভিতৰতে ডাঙৰ ডাঙৰ মাছ, কাছ, সাপ অঞ্চলটোত বিয়পি পৰিছিল। এই বৃহৎ পুখুৰীটোৰ ধ্বংসাৱশেষবোৰ আজিও ৰজাদিনীয়া ঐতিহ্যৰ স্বাক্ষৰ বহন কৰে। কোনো ৰাজকীয় পৰিয়ালৰ বাদে এনে ধৰণৰ বিশাল ‘বিহাৰ’ তৈয়াৰ কৰা প্রায় অসম্ভৱ। মধ্যযুগীয় ইটা, খুন্দিত শিলৰ নমুনা আৰু পুখুৰীৰ পৰিৱেশ কোনোবা এটা যুগৰ এক সংস্কৃতিৰ জ্বলন্ত নিদর্শন। ইয়াত নিশ্চয় কোনো ৰাজকীয় অৱদান সন্নিৱিষ্ট হৈ আছে। ৰজাখানা পুখুৰী বা ৰাজগড়ৰ সঠিক গৱেষণাই বুৰঞ্জীৰ পাতত এক নতুন অধ্যায় সন্নিৱিষ্ট হোৱাৰ পূৰ্ণ থল আছে।



গতিকে জোনাইৰ  ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নতুন চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাইছে হদৌ অসম ছাত্র সন্থাই৷ আজিৰ পৰিদৰ্শনত সদৌ অসম ছাত্ৰ সন্থাৰ  ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যান গগৈ সহকাৰী সম্পাদক সঞ্জীৱ দাস মুখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম প্ৰচাৰ সম্পাদক কৈলাশ মিৰি সাংস্কৃতিক সম্পাদক হীৰেন শৰণীয়া তথ্য সম্পাদক দেৱজিৎ মৰাণ সাহিত্য সম্পাদক দেৱেন ডেকা জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী ৰ লগতে মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক কে ধৰি কৰ্ম কৰ্তা সকলে সহযোগিতা আগবঢ়াই৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم