দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আজিৰে পৰা ৰাজ্যত আৰম্ভ হল প্ৰাৰ্থমিক বিদ্যালয়ৰ পাঠদানৰ কাৰ্য্যসূচী।
চৰকাৰী কোভিড প্ৰটকলৰ সকলো নীতি নিয়ম মানি খোল খালে শ্ৰেণীকোঠাৰ দুৱাৰ।
বিশ্বনাথ জিলাৰ হেলেমৰ চৰকাৰী-বেচৰাকী সকলো প্ৰাথমিক বিদ্যালয়ৰ লগতে হেলেমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ষ্টেলা মেৰীচ স্কুলত আজি পুৱা ৯ বজাৰ পৰা পাঠদান আৰম্ভ কৰা হৈছে।
দীৰ্ঘ দিনৰ মুৰত শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ প্ৰাংগনত ইজনে সিজনক লগ পাই উৎফুল্লিত হৈ পৰিছে ।
চৰকাৰৰ কোভিড নীতি নিৰ্দেশনা মানি একো একোখন শ্ৰেণীকোঠাত বেঞ্চে প্ৰতি এগৰাকীকৈ ছাত্ৰ
ছাত্ৰীৰ বহিব দি আৰম্ভ কৰা হয় পাঠদান। একেদৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মুখত মাক্স পৰিধান কৰি অহাৰ লগতে হেণ্ড ছেনিটাইজৰ ব্যৱস্থাও কৰিছে বিদ্যালয় সমূহে।
প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক এদিনৰ মুৰে মুৰে অৰ্থাত সপ্তাহত তিনি দিনহে দিয়া হব
পাঠদান। প্ৰতি সোণ ,বুধবাৰ আৰু শুক্ৰবাৰে প্ৰথম, তৃতীয়, পঞ্চম, সপ্তম শ্ৰেনীৰ পাঠদানৰ ব্যৱস্থা গ্ৰহন
কৰাৰ লগতে প্ৰতি মঙল, বৃহস্পতি আৰু শনিবাৰে , দ্বিতীয়, চতুৰ্থ, ষষ্ঠ, অষ্টম শ্ৰেনীৰ পাঠদান আৰু
নৱম আৰু দশম শ্ৰেণীক দৈনিক পাঠদান দিয়াৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে। যিসকল শিক্ষাৰ্থীয়ে মাক্স
পৰিধান কৰি বিদ্যালয়ত উপস্থিত নহয় তেওঁলোকক বিদ্যালয় কতৃপক্ষৰ পৰাই মাক্স যোগান দিয়া হয়।