Share on Facebook

নামনি অসমৰ প্ৰতিটো জিলাত ৫৭৩তম শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী ৰ মুখৰিত হল হৰিনাম ৰ ধ্বনিৰে:

 নামনি অসমৰ প্ৰতিটো নামঘৰ সত্ৰ আদিত আজি ৫৭৩তম শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী বিশেষ উলহ মালোহেৰে পালন কৰাৰ বাতৰি পোৱা গৈছে।




       প্ৰাপ্ত বাতৰি মতে নামনি অসমৰ বঙাইগাঁও ,বৰপেটা, বাক্সা ,চিৰাং , কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ প্ৰতিটো নামঘৰ সত্ৰ আৰু ব্যক্তিগত ভাবে আদিত আজি ৰাতিপুৱা ৰ পৰা বিভিন্ন কাৰ্য্যসূচী ৰে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৰ জন্ম উৎসৱ পালন কৰে। 




সেইমতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো জিলাৰ প্ৰাথমিক শাখাৰ নামঘৰত ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত নাম প্ৰসংগঃ ,ঘোষা নাম,আই নাম, আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰে।



একেদৰে বঙাইগাঁও জিলা শাখাটো প্ৰতিটো প্ৰাথমিক শাখাৰ লগতে বঙাইগাঁও ৺অনিল পাঠক প্ৰাথমিক শাখাৰ কেতবোৰ কাৰ্যসূচী পালন কৰাৰ পিছত সভাপতি বিনয় সূত্ৰধৰ বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এক আলোচনা  চক্ৰত প্ৰাক্তন মন্ত্ৰী তথা অসমৰ জনপ্ৰিয় বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে অংশগ্ৰহণ কৰি এক সাৰুৱা আৰু হাস্যকৰ ভাষণ আগবঢ়ায় ।

উক্ত আলোচনা চক্ৰত বঙাইগাঁও জিলা শাখাৰ সভাপতি অতুল চৰণ দাস বাপ আৰু জিলা সম্পাদক অজিত চৌধুৰী বাপ আদিয়ে অংশগ্ৰহণ কৰে। 



ইফালে বঙাইগাঁও পেট্ৰকেমিকেল আৰু শোধনাগাৰ ৰ ঢালিগাঁও প্ৰাথমিক শাখাটো ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছত  নাম প্ৰসংগঃ ,বীৰ নাম,আইনাম আদি বিভিন্ন কাৰ্য্যসূচীৰে এই গুৰুজনাৰ জন্ম জয়ন্তী পালন কৰে। 

আৰু আতক ধুনীয়া এক ভাগৱত সাংস্কৃতিক শোভাযাত্ৰা ও উলিয়াই ৰাইজৰ মাজত আকৰ্ষণীয় কৰি তোলে একেদৰে জিলাখনৰ সৃজনগ্ৰাম আঞ্চলিক শাখাৰ লগতে অভয়াপুৰী আঞ্চলিক শাখাৰ পশ্চিম অভয়াপুৰী ,ৰামগড়, জ্যোতিনগৰ,দোলাইগাঁও,বিষ্ণুপুৰ আৰু কটাশবাৰী আদি প্ৰাথমিক শাখা সমূহো অনুৰূপ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ ৰ জন্ম জয়ন্তী পালন কৰাৰ বাতৰি পোৱা গৈছে। যদিও সন্ধিয়া বন্তি প্ৰজ্বলনেৰে এই জন্ম জয়ন্তী সামৰণি পেলাব বুলি বাটৰিটোত প্ৰকাশ।

Report by: নামনী অসম ব্যুৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

إرسال تعليق

please do not enter the any spam link in to comment box

أحدث أقدم