অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ অয়ানত ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় I আজি
পুৱা প্ৰায় 6:30am বজাত জোনাই মহকুমাৰ জোনকাৰেং, ৰাজাখানা অঞ্চলৰ পৰা
অৰুণাচল প্ৰদেশৰ দঃঞি পল চাহ বাগানালৈ মহিলা শ্ৰমিক কঢ়িয়াই যোৱা AR 09 7093
নাম্বাৰৰ বাছ গাড়ী এখন অয়ানত ভয়ংৰ দুৰ্ঘটনা সংগঠিত হয় I
জানিব পৰা মতে অয়ানত বিপৰিত দিশৰ পৰা অহা বলেৰো গাড়ীখনক পথ এৰি দিব যাওতে
বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে I ফলত বাছত থকা প্ৰায় 25 জনী মহিলা
শ্ৰমিক গুৰুত্বৰভা আহত হয় I সংকটজনক অৱস্থাত থকা পাঁছ গৰাকীক উন্নত চিকিৎসাৰ
বাবে ডিব্ৰুগড়লৈ পেৰণ কৰা হৈছে I বাকী কেইগৰাকীক অৰুণাচল ৰুকচিনৰ দ্বীপজনী
নাৰ্চিংহোম আৰু জোনাই অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে I
ইপিনে পথ দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াত অয়ানৰ গাওঁৰক্ষী বাহিনী
, আদি মিচিং বানে কেবাং ছাত্ৰ সংগঠন আৰু স্থানীয় লোকসকলে প্ৰশাসক
সহায় কৰে I